ETV Bharat / state

Congress protest in Dima Hasao:ডিমা হাছাওত মূল্যবৃদ্ধিৰ প্ৰতিবাদ কংগ্ৰেছৰ

author img

By

Published : Aug 1, 2023, 7:23 PM IST

অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিমা হাছাও জিলাত কংগ্ৰেছৰ ব্যতিক্ৰমী প্ৰতিবাদ । অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ।

Price hike in Assam
মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

হাফলং ,১ আগষ্ট: অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি চিলিণ্ডাৰ,পেট্ৰ'ল, ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মঙলবাৰে ডিমা হাছাও জিলাৰ মহকুমা সদৰ মাইবাং বজাৰত মাইবাং ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয় । মঙলবাৰে মাইবাং বজাৰত মাইবাং ব্লক কংগ্ৰেছৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিত হাফলংবাৰ, জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কালীজয় চেংয়ুঙৰ লগতে জিলা কংগ্ৰেছ, মাইবাং ব্লক কংগ্ৰেছৰ নেতা কৰ্মীসকলে অংশগ্ৰহণ কৰে ।

আজি মাইবাং বজাৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন শ্লোগানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে কংগ্ৰেছ নেতা -কৰ্মী সকলে । প্ৰতিবাদস্থলীত ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিৎ হাফলংবাৰে কয় যে সমগ্ৰ দেশৰ লগতে অসমতো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা বাবে ৰাইজ অতিষ্ঠ হৈছে । তেওঁ কয় যে বিজেপি চৰকাৰে দেশৰ ৰাইজৰ হকে চিন্তা নকৰে ।এই চৰকাৰখন হৈছে আদানী -আম্বানীৰ চৰকাৰ ।

ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিত হাফলংবাৰ পুনৰ কয় যে নেপাল- ভূটানৰ তুলনাত আমাৰ দেশত পেট্ৰ'ল ,ডিজেলৰ মূল্য বেছি । ভূটান- নেপাললৈ ভাৰতৰ পৰা পেট্ৰ'ল -ডিজেল যায় । ইয়াৰ পিচতো নেপাল- ভূটানত তেলৰ দাম কম বুলি মন্তব্য কৰে সমৰজিত হাফলংবাৰে ।

ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিত হাফলংবাৰ কয় যে অসমত মণিপুৰৰ দৰে অৱস্থা হোৱাৰ দিশত আগবাঢ়িছে । তেওঁ কয় যে দৰং জিলাৰ মঙলদৈত ৰাষ্ট্ৰীয় বজৰং দলৰ নামত অস্ত্ৰ প্ৰশিক্ষণ দিয়া হৈছে । অসমৰ আৰক্ষী সঞ্চালক প্ৰধানে এই ক্ষেত্ৰত এখন গোচৰ ৰুজু কৰাৰ বাবে দৰং আৰক্ষীক নিৰ্দেশ দিছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে হাৰিয়ানাত সংঘৰ্ষৰ সৃষ্টি হৈছে । দেশত বৃদ্ধি হোৱা মূল্যবৃদ্ধিৰ পৰা সাধাৰণ মানুহ যাতে প্ৰতিবাদ মুখৰ হৈ নুউঠে ইয়াৰ বাবে বিজেপি চৰকাৰে দেশত সংঘৰ্ষ সৃষ্টি কৰাৰ চেষ্টা চলাইছে । সমৰজিৎ হাফলংবাৰে কয় ভাৰত জ্বলাও পাৰ্টি ,জুমলা পাৰ্টি আৰু মিচলীয়া পাৰ্টি বিজেপিক এইবাৰ দেশ তথা ডিমা হাছাও জিলাৰ পৰা উৎখাত কৰা হ'ব বুলি কয় ।

লগতে পঢ়ক:Congress protest in Nalbari: নলবাৰীত বেলচা মাৰি মাৰি কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.