হাফলং, 5 জানুৱাৰী: অহা 8 জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে তুংগত চলিছে প্ৰচাৰ অভিযান ৷ শাসকীয় বিজেপি দলৰ লগতে টিএমচি, কংগ্ৰেছ আদি দলেও চলাইছে ব্যাপক প্ৰচাৰ অভিযান ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা বুধবাৰৰ পৰা চাৰিদনীয়া কাৰ্যসূচীৰে পাহাৰীয়া জিলাখনত বাহৰ পাতি চলাই গৈছে প্ৰচাৰ অভিযান ৷ শুকুৰবাৰেও ৱাজাও পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
বিজেপিৰ পৰা টিকট নাপায় নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীৰ বাবে বিজেপিৰ দুৱাৰ চিৰদিনলৈ বন্ধ কৰি দিয়া হৈছে বুলি ঘোষণা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ৱাজাও সমষ্টিৰ প্ৰাৰ্থী বিশ্বজিৎ দাওলাগাপুৰ হৈ বুধবাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গ’ল মুখ্যমন্ত্ৰীক ৷
নিৰ্বাচনী ভাষণত তেওঁ কয়, ‘‘মই অসমৰ মুখ্যমন্ত্ৰী, মই ঘোষণা কৰিছোঁ বিজেপিৰ টিকট নাপাই যিসকল নেতাই বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছে তেওঁলোকৰ বাবে বিজেপিৰ দুৱাৰ বন্ধ কৰি দিয়া হৈছে । তেওঁলোকে যদি নিৰ্বাচনত জয়লাভ কৰে তেতিয়াও এই নিৰ্দলীয় প্ৰাৰ্থীসকলক বিজেপি দলত লোৱা নহ’ব ।’’
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই প্ৰাৰ্থীসকল নিৰ্বাচনত জয়ী হ’লে তেওঁলোক হাফলঙত ঘূৰি ফুৰি থাকিব লাগিব, তেওঁলোকে কোনো চৰকাৰী সুযোগ সুবিধা নাপাব । এই নিৰ্দলীয় প্ৰাৰ্থীসকলে নিজৰ সমষ্টিৰ বাবে একোৱেই কৰিব নোৱাৰিব । যাৰ বাবে তেওঁলোকক ভোট দিলে নিজৰ ভোট নষ্ট কৰা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷
দিল্লীত বিজেপিৰ চৰকাৰ, দিছপুৰত বিজেপিৰ চৰকাৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত পুনৰ বিজেপিৰ চৰকাৰ হ’ব আৰু এই ত্ৰিপুল ইঞ্জিন চৰকাৰ ডিমা হাছাও জিলাৰ সামগ্ৰিক উন্নয়নৰ হকে সদায় কাম কৰি যাব বুলিও ৰাইজত প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে ৷
মুখ্যমন্ত্ৰীয়ে ৰাইজক সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থীসকলক জয়ী কৰাৰ আহ্বান জনায় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ পিচতে দিগেৰ সমষ্টি আৰু লাংটিং সমষ্টিত নিৰ্বাচনী জনসভাত অংশ গ্ৰহণ কৰি উন্নয়নৰ ব্যাপক প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ ডিমা হাছাও জিলাত এখন আইন কলেজ স্থাপন কৰা হ’ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে ।
লাংটিং সমষ্টি, হাতীখালি সমষ্টি আৰু কালাচান্দ সমষ্টিৰ গাঁও সমূহৰ পথ নিৰ্মাণৰ বাবে ক্ৰমে 15 কোটি, 10 কোটি আৰু 10 কোটি টকা প্ৰদান কৰা হ’ব । লাংটিং আৰু হাতীখালিত দুখন মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা হব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
লগতে পঢ়ক: নাহৰকটীয়াত ৰাজমিস্ত্ৰীৰ ৰূপত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস