ETV Bharat / state

সন্তোষ হোজাইৰ হত্যাৰ চিবিআই তদন্তৰ দাবী - ডিমাছা মাদাৰচ এছ’চিয়েচন

ডিমা হাছাওৰ ঠিকাদাৰ সন্তোষ হোজাইৰ হত্যাৰ ঘটনাত সমগ্র জিলাখনত বিৰাজ কৰিছে চেপা উত্তেজনা ৷ ঘটনাৰ চিবিআই তদন্তৰ দাবী জনাইছে ডিমাছা মাদাৰচ এছ’চিয়েচনৰ লগতে আন কেইবাটাও সংগঠনে । ঠিকাদাৰগৰাকীৰ অপহৰণৰ প্ৰতিবেদন 4 মে’ৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷

সন্তোষ হোজাইৰ হত্যাৰ চিবিআই তদন্তৰ দাবী
সন্তোষ হোজাইৰ হত্যাৰ চিবিআই তদন্তৰ দাবী
author img

By

Published : May 1, 2020, 9:09 PM IST

ডিমা হাছাও,1 মে’ঃ এগৰাকী ঠিকাদাৰৰ অপহৰণ-হত্যাকাণ্ডই জোঁকাৰি গৈছে ডিমা হাছাওক ৷ হত্যাকাণ্ডৰ ঘটনাৰ প্ৰতিবাদত মুখৰ হৈ উঠিছে পাহাৰীয়া জিলাখন ৷ সন্তোষ হোজাই নামৰ ঠিকাদাৰ গৰাকীৰ মৃতদেহ ইতিমধ্যে শুকুৰবাৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰলৈ প্ৰেৰণ কৰা হৈছে ৷ এই হত্যাকাণ্ডৰ বাবে জিলাখনৰ কেইবাটাও দল-সংগঠনে আৰক্ষীক দোষাৰোপ কৰাৰ লগতে উচ্চ পৰ্যায়ৰ চিবিআই তদন্তৰ দাবী জনায় ৷ ডিমাচা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুঙে হাফলং অসামৰিক চিকিৎসালয়ত জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনো বিষয়ববীয়া উপস্থিত নথকাত ক্ষোভ প্ৰকাশ কৰে ৷ দেশত লক্​ ডাউন চলি থকাৰ সময়তে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত হাৰেংগাজাৱৰ পৰা পাঁচজনীয়া দুৰ্বৃত্তৰ এটা দলে এখন বলেৰ’ বাহনত আহি সন্তোষ হোজাইক অপহৰণ কৰি প্ৰায় 70 কিল’মিটাৰ পথ অতিক্ৰমী হত্যা কৰি মাটিত পুতি থৈছিল ৷

সন্তোষ হোজাইৰ হত্যাৰ চিবিআই তদন্তৰ দাবী

ঠিকাদাৰগৰাকীৰ অপহৰণৰ প্ৰতিবেদন 4 মে’ৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ উল্লেখ্য যে, বিগত 28 এপ্ৰিলত ঠিকাদাৰজনৰ পত্নী জয়তা হোজাইয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল । এই আবেদনৰ ভিত্তিত 30 এপ্ৰিলত ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্ধাৰিত সময়ৰ ভিতৰত ঘটনাৰ প্ৰতিবেদন দাখিল কৰাৰ বাবে নিৰ্দেশ দিছিল । আদালতে 4 মে’ত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব । ঠিকাদাৰ গৰাকীৰ পত্নীয়ে ৰাজ্যৰ মানৱাধিকাৰ আয়োগ আৰু অসম পাব্লিক গ্ৰীভেনচেছ কমিচনতো এক লেখ আবেদন দাখিল কৰে ।

সন্তোষ হোজাইৰ হত্যাৰ চিবিআই তদন্তৰ দাবী

লগতে চাওকঃ চেন্নাইত আৱদ্ধ গোলাঘাটৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কাতৰ আহ্বান চৰকাৰলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.