হাফলং, 20 নৱেম্বৰ : দেশজুৰি উদযাপন কৰা হ’ব লাচিত বৰফুকনৰ 400 বছৰীয়া জন্মজয়ন্তী ৷ ইতিমধ্যে ভিন্ন ঠাইত লাচিত দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ দেশৰ ৰাজধানী দিল্লীৰ বিজ্ঞান ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ’ব বীৰ লাচিতৰ 400 বছৰীয়া জন্মজয়ন্তী (400th Birth Anniversary of Bir Lachit)৷
অসমতো অব্যাহত আছে বীৰ লাচিতক সুঁৱৰি আয়োজন কৰা বিভিন্ন কাৰ্যসূচী ৷ দেওবাৰে ডিমা হাছাওত অনুষ্ঠিত কৰা হয় ৰক্তদান কাৰ্যসূচী ৷ হাফলং অসামৰিক চিকিৎসালয়ত(Haflong Civil Hospital) ডিমা হাছাও আৰক্ষী তৰফৰ পৰা আৰক্ষী বিষয়া আৰু জোৱানসকলে ৰক্তদান কৰে । ৰক্তদান কাৰ্যসূচীৰ প্ৰথমতে ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক ময়ংক কুমাৰ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক অনলজ্যোতি দাসে ৰক্তদান কৰি শিবিৰ শুভাৰম্ভ কৰে (Blood donation camp by Dima Hasao police)।
ৰক্তদান কাৰ্যসূচীৰ পূৰ্বে ডিমা হাছাওৰ আৰক্ষীৰ জোৱানসকলে হাফলঙত গছপুলি ৰোপণ আৰু চাফাই অভিযানত অংশগ্ৰহণ কৰে । মহাবীৰ লাচিত বৰফুকনৰ(War hero Lachit Borphukan) জন্মজয়ন্তী উপলক্ষে ডিমা হাছাও আৰক্ষীৰ তৰফৰ পৰা হাফলং চৰকাৰী উচ্চতৰ বালিকা বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজতে ৰচনা আৰু চিত্ৰাংকণ প্ৰতিযোগতাও অনুষ্ঠিত কৰা হয় । ইপিনে ডিমা হাছাও জিলা প্ৰশাসনৰ উদ্যোগত লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি দেওবাৰে হাফলঙত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ(Dima Hasao DC office) চৌহদতো বৃক্ষ ৰোপণ কৰা হয় ।
দেওবাৰৰ এই গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ডিমা হাছাও জিলাৰ উপায়ুক্ত নাজৰিন আহমেদে । আনহাতে জিলা কৃষি বিভাগৰ ফালৰ পৰাও হাফলং কৃষি ভৱনত চাফাই অভিযান আৰু গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লোৱা হয় ।
উল্লেখ্য যে, 24 নৱেম্বৰত মহাবীৰ লাচিত বৰফুকনৰ 400 সংখ্যক জন্মজয়ন্তী উদযাপন কৰাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন কাৰ্যসূচী হাতত লৈছে । কিন্তু 18 নৱেম্বৰৰ পৰা সমগ্ৰ ৰাজ্যজুৰি লাচিত বৰফুকনৰ জন্মজয়ন্তীৰ লগত সংগতি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে ।
লগতে পঢ়ক : Lachit Divas in Delhi : জনশূণ্য জনতা ভৱন, মন্ত্ৰী-আমোলাৰ দিল্লী গমন