ETV Bharat / state

হাফলং বিধানসভা সমষ্টিৰ বাবে জিলা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ - ইষ্ট-ৱেষ্ট কৰিডৰ নিৰ্মাণ

ডিমা হাছাও জিলাৰ একমাত্ৰ 16 নম্বৰ হাফলং উপজাতি সংৰক্ষিত বিধানসভা সমষ্টিৰ বাবে ডিমা হাছাও জিলা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ । সংবিধানৰ ষষ্ঠ অনুসূচিৰ 244(ক) অনুচ্ছেদ অনুসৰি পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনত গুৰুত্ব দিয়া হ’ব বুলি ইস্তাহাৰত প্ৰকাশ ৷

হাফলং বিধানসভা সমষ্টিৰ বাবে জিলা বিজেপিৰ ইস্তাহাৰ প্ৰকাশ

author img

By

Published : Mar 24, 2021, 9:52 AM IST

ডিমা হাচাও, 24 মাৰ্চঃ বিজেপি জিলা সমিতিয়ে ডিমা হাছাও জিলাৰ 16 নম্বৰ হাফলং উপজাতি সংৰক্ষিত বিধানসভা সমষ্টিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে ৷ সংবিধানৰ ষষ্ঠ অনুসূচিৰ 244(ক) অনুচ্ছেদ অনুসৰি পৃথক স্বায়ত্ব শাসিত ৰাজ্য গঠনত গুৰুত্ব দিয়া হ’ব । হাফলং সমষ্টিত বিজেপি জয়লাভ কৰিলে অসম বিশ্ববিদ্যালয়ৰ কেম্পাছ স্থাপন কৰা হ’ব ৷ ডিমা হাছাও জিলাত আইন কলেজ আৰু হাফলং চৰকাৰী মহাবিদ্যালয়ক স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ মৰ্যাদা দিয়া হ’ব বুলি ইস্তাহাৰত প্ৰকাশ কৰে ।

হাফলং বিধানসভা সমষ্টিৰ বাবে জিলা বিজেপিৰ ইস্তাহাৰ প্ৰকাশ
হাফলং বিধানসভা সমষ্টিৰ বাবে জিলা বিজেপিৰ ইস্তাহাৰ প্ৰকাশ

মাইবাং আৰু দিয়ুংব্ৰা মহকুমাত আইটিআই স্থাপন কৰা, নির্মবাংলোৰ পৰা বালাচৰা পৰ্যন্ত ইষ্ট-ৱেষ্ট কৰিড’ৰ নিৰ্মাণৰ কাম সম্পন্ন কৰাৰ লগতে ডিমা হাছাও জিলাৰ বাবে এখন লোকসভা সমষ্টি আৰু অতিৰিক্ত দুটি বিধানসভা সমষ্টি গঠনৰ প্ৰতিশ্ৰুতি ইস্তাহাৰত দিয়া হয় । ডিমা হাছাও জিলাৰ ছাত্ৰ ছাত্ৰীৰ বাবে পৃথক টেট পৰীক্ষাৰ ব্যৱস্থা কৰা হ‘ব । লগতে ডিএইচডি উভয় উগ্ৰপন্থী সংগঠনৰ লগত 2012 চনত স্বাক্ষৰিত হোৱা চুক্তি সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হ’ব । ইয়াৰ লগতে ডিএইচডি আৰু কুকি লিবাৰেচন আৰ্মিৰ প্ৰাক্তন সদস্য সকলক সংস্থাপন দিয়া হ’ব বুলি ইস্তাহাৰত প্ৰকাশ কৰে ডিমা হাছাও জিলা বিজেপিয়ে ।

লগতে পঢ়কঃ কংগ্ৰেছৰ গেৰাণ্টি বিজেপিৰ দৰে নিৰ্বাচনী ঝুমলা নহয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.