ডিমাহাছাও,30 জানুৱাৰী: ৰাজ্যত অহা বিধানসভা নিৰ্বাচনত বিজেপি দলৰ যি ইস্তাহাৰ প্ৰস্তুত কৰিব এই ইস্তাহাৰত ৰাইজৰ মতামত প্ৰতিফলিত হ'ব। ৰাইজৰ মতামত গ্ৰহণ কৰাৰ বাবে শনিবাৰে হাফলঙত উপস্থিত হয় সাংসদ তথা বিজেপিৰ ইস্তাহাৰ কমিটিৰ সচিব কামাখ্যা প্ৰসাদ তাছা আৰু ৰাজ্য বিজেপিৰ উপ-সভাপতি ৰতন টেৰণ।
শনিবাৰে হাফলংত উপস্থিত হৈ সাংসদ কামাখ্যা প্ৰসাদ তাছা জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেন, বিধায়ক বীৰভদ্ৰ হাগজাৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গার্লচাৰ উপস্থিতিত ডিমা হাছাও জিলাৰ স্থানীয় ৰাইজ তথা বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সংগঠন আৰু বিজেপি কৰ্মী সকলৰ সৈতে এক আলোচনাত মিলিত হয় ৷
উল্লেখ্য যে, সমগ্ৰ ৰাজ্যত ৰাইজৰ ওচৰলৈ গৈ ৰাইজৰ মতামত গ্ৰহণ কৰাৰ পিচতে বিজেপি দলে ইস্তাহাৰ প্ৰস্তুত কৰিব আৰু এই ইস্তাহাৰত ৰাইজৰ মতামত প্ৰতিফলিত হ'ব বুলি কয় সাংসদ কামাখ্যা প্ৰসাদ তাছায় । ৰাইজৰ মাজলৈ গৈ ৰাইজ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সংগঠনৰ মতামত গ্ৰহণ কৰি প্ৰস্তুত কৰা বিজেপি দলৰ এই ইস্তাহাৰ খনেই হব নিৰ্বাচনৰ এক মাত্ৰ ইস্তাহাৰ ৷ ইতিমধ্যে প্ৰত্যেকখন জিলাতে ৰাইজৰ মাজলৈ গৈ বিজেপি দলে নিৰ্বাচনৰ ইস্তাহাৰ প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷
লগতে পঢ়ক-বদৰুদ্দিন আজমল চৰম সাম্প্ৰদায়িক মানুহ: আমিনুল হক লস্কৰ