ডিমা হাচাও, 8 মে’: হাফলং শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট ওৱেষ্ট কৰিডৰ এএছ 21 পেকেজৰ জাতিংগা হাৰেংগাজাও 54 নম্বৰ ঘাইপথ আৰু এএছ 22 পেকেজৰ মাইবং জাতিঙা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সীমাহীন দুৰ্নীতিৰ বিচৰণ ক্ষেত্ৰ হৈ পৰিছে।কোটি কোটি টকা ব্যয় কৰাৰ পাছতো এতিয়াও ঘাইপথটোৰ নিৰ্মাণ সম্ভৱ হৈ উঠা নাই। মৰণ ফান্দত পৰিণত হ'ল এই ৰাষ্ট্ৰীয় ঘাইপথ। বিগত এক দশকৰ বেছি সময় ধৰি নিৰ্মাণ চলি থকাৰ পাছতো মাথো 24 কিলোমিটাৰ জাতিঙা হাৰেংগাজাও ঘাইপথটো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে সৰু যানবাহন চলাচলৰ কাৰণে উপযোগী কৰি তুলিব পৰা নাই।
আৰু পঢ়ক: জল সংকটত ভুগিছে বৰপেটা মেডিকেল কলেজ হাস্পতাল
ইপিনে ঘাইপথ নিৰ্মাণৰ কামত থকা ঠিকাদাৰী সংস্থা আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ নামৰ সংস্থাটোৰ মিতিৰালীত এক ডাঙৰ দুৰ্নীতি সংঘটিত হৈছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। উল্লেখযোগ্য 2011 চনত জাতিংগা হাৰেংগাজাও ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ দায়িত্ব লৈছিল জে কে এম ইনফ্ৰা নামৰ নিৰ্মাণ সংস্থাটোৱে। জে কে এম নিৰ্মাণ সংস্থাটোয়ে পাঁচবছৰ কাম কৰাৰ পাছতো 24 কিলোমিটাৰ মাজত চাৰি কিলোমিটাৰ পথ নিৰ্মাণৰ কাম শেষ কৰিব পৰা নাই । ভূতাত্ত্বিক সমস্যাৰ অজুহাত তুলি জাতিংগা হাৰেংগাজাও ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম লেহেমীয়া কৰি তুলে। এতিয়া ঘাইপথৰ মাজত ডাঙৰ ডাঙৰ গাতৰ সৃষ্টি হৈছে। জাতিংগা হাৰেংগাজাওৰ মাজত দলাইচুঙাত পাহাৰৰ পৰা নামি অহা পানীয়ে ঘাইপথটো বিপদজনক কৰি তুলিছে।
1998 চনত শিলচৰ সৌৰাষ্ট্ৰ ইষ্ট ওৱেষ্ট কৰিডৰ ঘাইপথ নিৰ্মাণৰ কামৰ শিলান্যাস হোৱাৰ পাছত যোৱা 20 বছৰত আশ্চৰ্যজনকভাৱে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ হাফলং পি আই ইউ প্ৰজেক্ট ইমপ্লিমেণ্টেচন ইউনিট আৰু গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয় আজিলৈ ঘাইপথটো নিৰ্মাণকলৈ কোন ধৰণৰ স্পষ্ট স্থিতি গ্ৰহণ কৰা নাই। এতিয়া ডিমা হাছাও জিলাত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম কেতিয়ালৈ নতুনকৈ আৰম্ভ হ'ব সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে কিয়নো কেন্দ্ৰ ও ৰাজ্য চৰকাৰ পাহাৰীয়া জিলাখনৰ পথ নিৰ্মাণকলৈ আগ্ৰহী নহয় বুলি অভিযোগ উঠিছে।