ETV Bharat / state

ডিমা হাছাওত ডাইনী সন্দেহত এগৰাকী মহিলাক হত্যাৰ চেষ্টা

author img

By

Published : May 28, 2021, 10:49 PM IST

ডিমা হাছাও জিলাত ডাইনীৰ সন্দেহত হত্যাৰ চেষ্টা এগৰাকী মহিলাক ৷ হত্য়া চেষ্টা চলোৱা দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবী জনায় বেইতে ষ্টুডেন্টছ এছোচিয়েচনে ৷ গুৰুতৰভাৱে আহত মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ ৷

ডিমা হাছাওত ডাইনী সন্দেহত এগৰাকী মহিলাক হত্যাৰ চেষ্টা
ডিমা হাছাওত ডাইনী সন্দেহত এগৰাকী মহিলাক হত্যাৰ চেষ্টা

ডিমা হাছাও 28 মে': ডিমা হাছাও জিলাত ডাইনী সন্দেহত এগৰাকী মহিলাক হত্যা কৰাৰ চেষ্টা চলোৱা দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবী জনায় বেইতে ষ্টুডেন্টছ এছোচিয়েচনে । শুকুৰবাৰে হাফলঙত এখন সংবাদমেল সম্বোধন কৰি ছাত্ৰ সন্থাটোৱে এই ঘটনাৰ তীব্ৰ নিন্দা জনোৱাৰ লগতে মহিলা গৰাকীক সুবিচাৰ দিয়াৰ বাবে দাবী জনায় ৷

সংবাদমেলত বেইতে ষ্টুডেন্টছ এছোচিয়েচনৰ হাফলং শাখাৰ সভাপতি উইলিয়াম নামপুইয়ে কয়, যোৱা 20 মে' নিউ সাংবাৰ ব্লকৰ অন্তৰ্গত বাংপ্ৰি গাঁৱৰ এগৰাকী 39 বছৰীয়া মহিলাক ডাইনী সন্দেহত গাঁওখনৰ কিছুমান দুৰ্বৃত্তই ঘৰৰ পৰা উঠাই লৈ যায় ৷ গাঁওখনৰে এখন ঘৰত আৱদ্ধ কৰি প্ৰচণ্ড মাৰপিট কৰাৰ লগতে শাৰীৰিক নিৰ্যাতন চলায় আৰু মহিলা গৰাকীক হত্যা কৰাৰ চেষ্টা চলায় ।

ছাত্ৰ সংগঠনটোৱে এই অমানৱীক ঘটনাৰ তীব্ৰ নিন্দা জনোৱাৰ লগতে অনতিপলমে এই ঘটনাৰ লগত জড়িত দুৰ্বৃত্ত সকলক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ বাবে প্ৰশাসনক আহ্বান জনায় । সংবাদমেলত ছাত্ৰ সংগঠনটোৰ সভাপতি গৰাকীয়ে কয় এই ঘটনাৰ পিচতে মহিলা গৰাকীক উমৰাংচু চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত তেওঁৰ আঘাত গুৰুতৰ হোৱাৰ বাবে মহিলা গৰাকীৰ উন্নত চিকিৎসাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হয় ।

বৰ্তমান মহিলা গৰাকীৰ অৱস্থা গুৰুতৰ বুলি জানিবলৈ দিয়ে উইলিয়াম নামপুইয়ে ৷ যেতিয়ালৈকে এই ঘটনাত জড়িত দুৰ্বৃত্তক অনতিপলমে গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান নকৰিলে ছাত্ৰ সংগঠনটোৱে বহি নাথাকে বুলি হুংকাৰ দিয়ে ।

লগতে পঢ়ক : মাজুলীৰ ক'ভিড পৰিস্থিতি বুজ ল'লে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.