ETV Bharat / state

ডিমা হাছাও জিলাৰ টুংজে গাঁৱত পৰ্যটকৰ ভীৰ

author img

By

Published : Jul 20, 2021, 5:06 PM IST

Updated : Jul 25, 2021, 5:29 PM IST

ৰাজ্যত ক’ভিড-19 ৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে অসমৰ অন্যতম পাহাৰীয়া জিলাৰ টুংজে গাঁৱত চেলকেল পিক চাবলৈ পৰ্যটকৰ ভীৰ বাঢ়িছিল । কিন্তু ক’ভিড-19 ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি টুংজে গাঁৱৰ গাঁও সমিতিয়ে চেলকেল পিকত ট্ৰেকিং সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে ।

a popular tourisim place in dima hasao at Tungje village
ডিমা হাছাও জিলাৰ টুংজে গাঁৱত ভিৰ পৰ্যটকৰ

ডিমা হাছাও, 20 জুলাই : ডিমা হাছাওৰ প্ৰকৃতিয়ে এতিয়া ৰিঙিয়াই মাতিছে ৷ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যই এতিয়া হাত বাউল দি মাতিছে পৰ্যটকক ৷ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যত নিজকে বিলীন কৰিছে প্ৰকৃতিপ্ৰেমীয়ে ৷

অসমৰ অন্যতম পাহাৰীয়া জিলা হৈছে ডিমা হাছাও । এই জিলাখনৰ প্ৰাকৃতিক দৃশ্যই দেশ-বিদেশৰ পৰ্যটকসকলক সদায় আকৰ্ষিত কৰি আহিছে । বৰ্তমান পৰ্যটকৰ আকষৰ্ণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে জিলাখন ৷

a popular tourisim place in dima hasao at Tungje village
গাঁও সমিতিৰ নিষেধাজ্ঞা

বৰ্তমান ক’ভিড-19 ৰ ভয়াৱহতাৰ বাবে পৰ্যটকৰ বাবে বন্ধ হৈ আছে ৷

সম্প্ৰতি এই পাহাৰীয়া জিলাৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত টুংজে গাঁৱৰ চেলকেল পিক বিখ্যাত হৈ উঠিছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে । ৰাজ্যত ক’ভিড-19 ৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতো টুংজে গাঁৱত থকা চেলকেল পিকত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকৰ সমাগম হৈছিল ৷ কিন্তু শেহতীয়াকৈ জিলা প্ৰশাসনৰ নিৰ্দেশত টুংজে গাঁৱৰ গাঁও সমিতিয়ে চেলকেল পিকত ট্ৰেকিং সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে ।

ক’ভিড-19 ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সমগ্ৰ ৰাজ্যতে বন্ধ হৈ আছে আন্তঃজিলা যাতায়াত ব্যৱস্থা ৷ কিন্তু ৰে’ল সেৱা অব্যাহত থকাৰ বাবে কিছুসংখ্যক পৰ্যটকে জিলাখনৰ উক্ত অঞ্চলত ভীৰ কৰা পৰিলক্ষিত হৈছিল ৷ আনকি টুংজে চেলকেল পিকৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ৰাজ্যৰ কিছু কিছু প্ৰান্তৰ পৰা পাহাৰীয়া জিলাখনলৈ আহিছিল বহু পৰ্যটক ৷

বিনন্দীয়া প্ৰকৃতিয়ে এতিয়া ৰিঙিয়াই মাতিছে হাফলঙলৈ

যাক লৈ কিছু চিন্তিত হৈ পৰিছিল পাহাৰীয়া জিলাখনৰ গাঁৱবাসী ৷ সেয়ে অস্থায়ীভাৱে কিছুদিনৰ বাবে গাঁও সমিতিয়ে টুংজে গাঁৱত বাহিৰৰ পৰা অহা লোকৰ লগতে পাহাৰীয়া জিলাৰ স্থানীয় লোকসকলৰ বাবে চেলকেল পিকত ট্ৰেকিং সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে । ক’ভিডৰ সংক্ৰমণ স্তিমিত হ’লে পুনৰ পৰ্যটকৰ বাবে খুলি দিয়া হ’ব এই চেলকেল পিক ৷

লগতে পঢ়ক: মিছ ইণ্ডিয়া আমেৰিকা 2021ৰ খিতাপ দখল মিছিগানৰ বৈদেহী ডৌংগৰে

Last Updated : Jul 25, 2021, 5:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.