ETV Bharat / state

বুধবাৰে ডিমা হাছাওত কৰ’ণাত আক্ৰান্ত 35 গৰাকী - হাফলং অসামৰিক চিকিৎসালয়

ডিমা হাছাও জিলা স্বাস্থ্য বিভাগে সদৰি কৰা অনুসৰি জিলাখনত উন্নত হৈছে ক’ভিড পৰিস্থিতি ৷ বুধবাৰৰ দিনটোত কৰ’ণাত আক্ৰান্ত 35 গৰাকী ৷ বুধবাৰৰ দিনটোলৈকে জিলাখনত মুঠ ক’ভিড ৰোগীৰ সংখ্যা 1156 গৰাকী লৈ বৃদ্ধি ৷

বুধবাৰে ডিমা হাছাওত কৰ’ণাত আক্ৰান্ত 35 গৰাকী

author img

By

Published : May 28, 2021, 11:17 AM IST

ডিমা হাছাও, 28 মে’: বুধবাৰৰ দিনটোত ডিমা হাছাও জিলাত ক’ভিড পৰিস্থিতি কিছু উন্নত হৈছে ৷ জিলা স্বাস্থ্য বিভাগে সদৰি কৰা অনুসৰি ডিমা হাছাও জিলাত বুধবাৰৰ দিনটোত 35 গৰাকী ব্যক্তি কৰ'ণাত আক্ৰান্ত হৈছে । বুধবাৰৰ দিনটোলৈকে জিলা খনত ক’ভিড ৰোগীৰ সংখ্যা 1156 গৰাকী লৈ বৃদ্ধি হৈছে ।

হাফলং অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ কল্পনা কেম্প্ৰাইয়ে সদৰি কৰা অনুসৰি, হাফলং অসামৰিক চিকিৎসালয়ত বৰ্তমানলৈকে চাৰি গৰাকী শিশু ক’ভিড-19 ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । আনকি পাহাৰীয়া জিলা খনত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে জটিল ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে । অধ্যক্ষ গৰাকীয়ে ইতিমধ্যে 7 গৰাকী কৰ'ণা আক্ৰান্ত জটিল ৰোগীক ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।

বুধবাৰে ডিমা হাছাওত কৰ’ণাত আক্ৰান্ত 35 গৰাকী

বৰ্তমানত হাফলং অসামৰিক চিকিৎসালয়ত 72 গৰাকী কৰ'ণা আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে ৷ এই কথা সদৰি কৰে হাস্পতালৰ অধ্যক্ষ কল্পনা কেম্প্ৰাইয়ে ৷ তেওঁ লগতে কয় যে, হাফলং অসামৰিক চিকিৎসালয়ত 11 বিচনা যুক্ত আই চি ইউ নিৰ্মাণৰ কাম তীব্ৰ গতিত চলিয়াছে যদিও কিছু কাৰিকৰী কাৰণত আই চি ইউ কাৰ্যক্ষম হ’বলৈ আৰু কিছু সময় লাগিব । ইপিনে ক’ভিডৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ক’ভিড বিধি আৰু স্বাস্থ্য বিধি সকলোকে মানি চলিব চলিবলৈ আহ্বান জনাই চিকিৎসক গৰাকীয়ে ৷

উল্লেখ্য যে, ডিমা হাছাও জিলাত কৰ'ণাত আক্ৰান্ত 1156 গৰাকী ৰোগীৰ ভিতৰত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা 367 গৰাকী, সক্ৰিয় ৰোগীৰ সংখ্যা 757 গৰাকী ৷ ইফালে জিলাখনত হোম আইচ'লেচনত আছে 670 গৰাকী ক’ভিড ৰোগী ৷

লগতে পঢ়ক: ক'ভিড নিয়ন্ত্ৰণৰ বাবে মঙলদৈত সষ্টম আৰক্ষী প্ৰশাসন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.