ডিব্ৰুগড়, 8 এপ্ৰিল : ডিব্ৰুগড়ত সংঘটিত হৈছে এক অনাকাংক্ষিত ঘটনা ৷ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কনভয়ৰ খুন্দাত আঘাতপ্ৰাপ্ত হৈছে এজন যুৱক ৷ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা যুৱকজনৰ বৰ্তমান অৱস্থা সংকটজনক । কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত এজন যুৱকক খুন্দিয়াই থৈ যায় তেলীৰ কনভয়ৰ আৰক্ষীৰ এখন বলেৰ' গাড়ীয়ে । তীব্র বেগী বাহনখনৰ খুন্দাত ভৰিৰ মাংশ পেশী চেদেলি-ভেদেলি হৈ হাড় পৰ্যন্ত ওলাই পৰিছে যুৱকজনৰ (Rameshwar Teli’s convoy hit a youth) ।
অভিযোগ মতে, অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰায় কাষেৰে যোৱা ৱান ৱে ৰাস্তাটোত আইন উলংঘা কৰি আহিছিল ৰামেশ্বৰ তেলীৰ কনভয় ৷ সঠিক পথেৰে মটৰ চাইকেলেৰে গৈ থকা দ্বীপজ্যোতি ভট্টাচার্য নামৰ যুৱকজনক বিপৰীত দিশৰ পৰা আহি খুন্দিয়াই থৈ আগবাঢ়ি যায় তেলীৰ কনভয়ৰ আৰক্ষী থকা বাহনখনে । ৰাস্তাত প্ৰায় চাৰি মিনিট সময় পৰি ৰ’ল দ্বীপজ্যোতি, কিন্তু কোনো নামি নাহিল তেওঁক সহায়ৰ হাত আগবঢ়াবলৈ (Dibrugarh youth hit by minister convoy) ৷
প্ৰাপ্ত খবৰ মতে, অসম চিকিৎসা মহাবিদ্যালয়ৰ অন্তৰ্গত বৰ্মণ নগৰৰ দ্বীপজ্যোতি ভট্টাচাৰ্য নামৰ আঘাতপ্রাপ্ত যুৱকজনক খুন্দা মৰাৰ পিচত ওলোটাই আৰক্ষীয়ে তেওঁক আক্ৰমণৰ ভাবুকিহে প্ৰদান কৰে ৷ পৰিয়ালে জনোৱা মতে খুন্দা মৰাৰ পাচতো বাহনখনৰ পৰা আৰক্ষীয়ে যুৱকজনক সহায়ৰ বাবে আগবাঢ়ি অহা নাছিল ৷ কিছু নিলগত ৰৈ আঘাতপ্রাপ্ত যুৱকজনক বৰঞ্চ তেওঁলোকে ধমকহে দিছিল । দ্বীপজ্যোতিৰ পৰিয়ালৰ মতে আৰক্ষীৰ বাহন খনৰ নম্বৰ আছিল AS30 9207 (Rameswar Teli convoy) ৷
ইফালে জানিব পৰা মতে এই নম্বৰত পঞ্জীয়ন থকা বাহনখনৰ ইনচুৰেন্স আৰু পলিউছন নাই বুলিও অভিযোগ উত্থাপন হৈছে । আনহাতে সংকটজনক অৱস্থাত যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল যদিও অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা পৰিয়ালে স্থানীয় তথা ব্যক্তিগত এখন নাৰ্ছিংহোমলৈ লৈ আহে । যুৱকজন বৰ্তমান নাৰ্ছিংহোমত চিকিৎসাধীন হৈ আছে ।
লগতে পঢ়ক : Drug mafia in Tinsukia: ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে সৰৱ হ’ল ৰাইজ; আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ জনতা