ETV Bharat / state

য়েছে দৰজে ঠংচিলৈ ২০২০ বৰ্ষৰ "চ্যুকাফা বঁটা" প্ৰদান - অসমীয়া মোৰ প্ৰাণৰ ভাষা হৈ পৰিছে

বঁটা গ্ৰহণ কৰি সাহিত্যক গৰাকীয়ে কয় - "অসমীয়া ভাষা ভাল পাওঁ বাবেই অসমীয়াত মই লিখো । মোৰ মাতৃ ভাষা অসমীয়া ভাষা নহয় যদিও অসমীয়া মোৰ প্ৰাণৰ ভাষা হৈ পৰিছে । মই অসমীয়া ভাষাক প্ৰতিদিধিত্ব কৰিহে ভাল পাওঁ । এই বঁটা গ্ৰহণ কৰিবলৈ পায় নিজক সৌভাগ্যবান বুলি অনুভৱ কৰিছো । অসম চৰকাৰৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ ৰাইজৰ ওচৰত মই সদায় চিৰ ঋণী হৈ থাকিম"।

য়েছে দৰজে ঠংচিলৈ ২০২০ বৰ্ষৰ "চ্যুকাফা বঁটা" প্ৰদান কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

author img

By

Published : Dec 2, 2020, 10:57 PM IST

মৰাণ,2 ডিচেম্বৰঃ চ্যু-কা-ফা-দিৱস অৰ্থাৎ অসম দিৱসৰ দিনাই ৰাজ্য চৰকাৰে জনপ্ৰিয় ঔপন্যাসিক য়েছে দৰজে ঠংচিক প্ৰদান কৰিলে 2020 বৰ্ষৰ চ্যুকাফা বঁটা । ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা অসম দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিশিষ্ট সাহিত্যিক গৰাকীক 2020 বৰ্ষৰ চ্যুকাফা বঁটা প্ৰদান কৰে । ৰাজ্যৰ সাংস্কৃতিক সঞ্চালকালয়ে অনুষ্ঠিত কৰা অসম দিৱস অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী নব কুমাৰ দলে , ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, বিধায়ক ক্ৰমে চক্ৰধৰ গগৈ, কুশল দুৱৰী, প্ৰশান্ত ফুকন, নবনীতা সন্দিকৈ, বিমল বৰা, ঋতুপৰ্ণ বৰুৱা, শিক্ষাবিদ দয়ানন্দ বৰগোহাঁইৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তি সকল ।

য়েছে দৰজে ঠংচিলৈ ২০২০ বৰ্ষৰ
য়েছে দৰজে ঠংচিলৈ ২০২০ বৰ্ষৰ "চ্যুকাফা বঁটা" প্ৰদান কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

উল্লেখযোগ্য যে, সাহিত্যক য়েছে দৰজে ঠংচিক বঁটাৰ লগত ফুলাম গামোচা, প্ৰশস্তি পত্ৰ, সঁফুৰাৰ লগত ৩ লাখ টকাৰ চেক প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । বঁটা গ্ৰহণ কৰি সাহিত্যক গৰাকীয়ে কয় - "অসমীয়া ভাষা ভাল পাওঁ বাবেই অসমীয়াত মই লিখো । মোৰ মাতৃ ভাষা অসমীয়া ভাষা নহয় যদিও অসমীয়া মোৰ প্ৰাণৰ ভাষা হৈ পৰিছে । মই অসমীয়া ভাষাক প্ৰতিদিধিত্ব কৰিহে ভাল পাওঁ । এই বঁটা গ্ৰহণ কৰিবলৈ পায় নিজক সৌভাগ্যবান বুলি অনুভৱ কৰিছো । অসম চৰকাৰৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ ৰাইজৰ ওচৰত মই সদায় চিৰ ঋণী হৈ থাকিম"।

উল্লেখ্য যে জন্মসূত্ৰে অৰুণাচলৰ তথা চেৰদুকপেন সম্প্ৰদায়ৰ পৰিয়ালত জন্ম লাভ কৰা ঠংচিয়ে অসমীয়া ভাষা সাহিত্যৰ ভঁৰালটো তেখেতৰ কেইবাখনো মূল্যবান গ্ৰন্থেৰে সমৃদ্ধ কৰি থৈছে ৷ সাহিত্য আৰু শিল্পৰ ক্ষেত্ৰত থকা তেওঁৰ অৱদানৰ বাবেই পদ্মশ্ৰী সন্মানেৰে বিভূষিত ঠংচিয়ে তেওঁৰ 'মৌন ওঁঠ মুখৰ হৃদয়' শীৰ্ষক উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ৷ অৰুণাচলৰ প্ৰশাসনিক সেৱাত সেৱা আগবঢ়োৱা ঠংচিয়ে অসমীয়া ভাষাত লিখা অন্যান্য গ্ৰন্থসমূহ হ'ল শৱ কটা মানুহ,মিছিং,পাপৰ পুখুৰী,বাঁহ ফুলৰ গোন্ধ ইত্যাদি ৷

লগতে পঢ়কঃ নগাঁৱত স্মৰণ বৃহত্তৰ অসমীয়া জাতি গঢ়োতা চাও লুঙ চুকাফাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.