ডিব্ৰুগড়, 23 জুন : ল'কডাউনৰ মাজতে ডিব্ৰুগড় চহৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰত বৃহৎ সংখ্যক চোৰাং কাঠৰ কুণ্ডা বুধবাৰে জব্দ কৰা হয় ৷ ডিব্ৰুগড় চহৰৰ পাঁচ আলিৰ মথাউৰিৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰত তিনিখনকৈ কাঠৰ চালিত বান্ধি থোৱা হৈছিল লক্ষাধিক টকাৰ কাঠৰ কুণ্ডা ।
বন বিভাগে সন্দেহ কৰা মতে ব্ৰহ্মপুত্ৰ বুকুৰে প্ৰায়ে মূল্যৱান কাঠৰ চোৰাং সৰবৰাহ হয় ৷ এই সৰবৰাহত স্থানীয় কিছু সংখ্যক লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ সচেতন লোকে ৷ এক প্ৰকাৰে ক'বলৈ গ'লে ডিব্ৰুগড় সমীপৰ ব্ৰহ্মপুত্ৰ পাৰৰ অঞ্চল সমূহ চোৰাং কাঠ সৰবৰাহৰ ৰম্যভূমি লৈ পৰিণত হৈছে ।
ইতিমধ্যে চোৰাং কাঠৰ ব্যৱসায়ত জড়িত অসাধু চক্ৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে বন বিভাগে ৷ নৈৰ পাৰত উদ্ধাৰ হোৱা কুণ্ডাখিনিৰ খবৰ লাভ কৰিয়ে ডিব্ৰুগড় আৰক্ষীৰ উচ্চ পদস্ত বিষয়া সহ এটা দল আৰু বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হয় ৷
ইতিমধ্যে বন বিভাগে এই কাঠৰ কুণ্ডাখিনি মূল্য কেইবা লাখ টকাৰ হ'ব বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, একাংশ স্থানীয় লোকে সদৰি কৰা মতে ডিব্ৰুগড় চহৰৰ নৈৰ পাৰৰ মোহনাঘাট,পাঁচ আলি, কয়লা ঘাটৰ পৰা মাইজানলৈকে বৃহৎ সংখ্যক অবৈধ কাঠ কুণ্ডা চুবুৰীয়াৰ ৰাজ্য অৰুণাচলৰ পৰা ব্ৰহ্মপুত্ৰ নদীয়েদি সৰবৰাহ হয় ৷ বিগত সময়ত এই ক্ষেত্ৰত তথ্য লাভ কৰিছিল যদিও এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল বন বিভাগে ৷
লগতে পঢ়ক:বলিদান দিৱস পালনৰে ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীক স্মৰণ