মৰাণ, 20 অক্টোবৰ : নতুনকৈ গঠন হোৱা চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সম্পাদক হিচাপে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা অনুপ জ্যোতি ভূঞা নিৰ্বাচিত হোৱাত আনন্দিত হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিয়ে । মঙলবাৰে মৰাণত নৱ নিৰ্বাচিত সম্পাদক গৰাকীক উষ্ম আদৰণি জনাই মৰাণ আঞ্চলিক সমিতিৰ কৰ্মকৰ্তা সকলে ।
আদৰণি অনুষ্ঠানত উপস্থিত থাকি নৱ নিৰ্বাচিত সম্পাদক গৰাকীয়ে কয় যে, চৰাইদেউ জিলাৰ আছু কাৰ্যালয়ত আছু আৰু অসমীয়াৰ আৱেগ জড়িত থকা পতাকাখন তেওঁ সদায় উৰুৱাই ৰাখিবলৈ চেষ্টা কৰিব । আজি এই অনুষ্ঠানটোত মৰাণ আঞ্চলিকৰ কৰ্মকৰ্তাৰ লগতে প্ৰাক্তন আছুৰ কেইবা গৰাকী সদস্য উপস্থিত থাকে ৷
লগতে পঢ়ক : MGNREGA ৰ আঁচনিৰ ধন হৰলুকিৰ অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে