ETV Bharat / state

ৱাল পেইণ্টিঙেৰে লাভলীনাক আদৰণি

author img

By

Published : Aug 12, 2021, 2:31 PM IST

অলিম্পিকৰ পদক হাতত লৈ বৃহস্পতিবাৰে পুৱা গুৱাহাটীত উপস্থিত হয় অসমৰ প্ৰথমগৰাকী মহিলা অলিম্পিয়ান বক্সাৰ লাভলীনা বৰগোঁহাই ৷ লাভলীনা উপস্থিত হোৱাৰ পাচতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে আদৰণি জনায় খেলুৱৈগৰাকীক ৷

Welcoming ceremony of Lovlina Borgohain
লাভলীনাৰ ছবিলৈ ফুল ছটিয়াই গৃহভূমিলৈ আদৰণি মৰাণৰ দল-সংগঠনৰ

মৰাণ, 12 আগষ্ট : অলিম্পিকত পদক লাভ কৰি দেশৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা বক্সাৰ লাভলীনা বৰগোঁহাই নিজ গৃহ ৰাজ্যত উপস্থিত হোৱাৰ লগে লগেই মৰাণৰ ৰাইজৰ মাজত আনন্দ উল্লাস দেখা পোৱা গৈছে । বুধবাৰে মৰাণৰ চিত্ৰশিল্পী কুণাল বাৰ্মা আৰু নিৰ্জা গগৈয়ে মৰাণ টাউনৰ মহিলা মহাবিদ্যালয়ৰ পথৰ কাষৰ পকী দেৱালত লাভলীনা বৰগোঁহাইৰ ছবি অংকন কৰি বক্সাৰগৰাকীক শুভেচ্ছা জনায় ৷

বৃহস্পতিবাৰে লাভলীনা বৰগোঁহাই গুৱাহাটীত উপস্থিত হোৱাৰ পাচতে লাভলীনাৰ ছবিলৈ ফুল ছটিয়াই মৰাণৰ দল-সংগঠনৰ লগতে ৰাইজে লাভলীনা বৰগোঁহাইক গৃহ ৰাজ্যলৈ আদৰণি জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে । আহোম জাতীয় গণ মঞ্চ, সদৌ তাই আহোম ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা আদিকে কৰি মৰাণৰ দল-সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হয় লাভলীনা বৰগোঁহাইৰ আদৰণি অনুষ্ঠান ।

এই অনুষ্ঠানতে পকী দেৱালত লাভলীনা বৰগোঁহাইৰ ছবি অংকন কৰা চিত্ৰশিল্পী কুণাল বাৰ্মা আৰু নিৰ্জা গগৈকো সম্বৰ্ধনা জনোৱা হয় ।

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে বক্সাৰগৰাকীক উষ্ম আদৰণি জনোৱা হয় ৷ লাভলীনাক শুভেচ্ছা জনোৱাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও বিমানবন্দৰত উপস্থিত হয় ৷ আজি বিয়লি ৰাজ্য চৰকাৰৰ উদ্যোগত ভাৰত গৌৰৱ লাভলীনাক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব ৷ সন্ধিয়া ৰাজ্যপালেও বক্সাৰগৰাকীক ৰাজভৱনত সম্বৰ্ধনা জ্ঞাপন কৰে ৷

লগতে পঢ়ক : গুৱাহাটীত উপস্থিত অসম কন্যা লাভলীনা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.