ETV Bharat / state

টিংখাঙত আপৰ গাঁও যাত্ৰা, মত বিনিময় সাধাৰণ জনতাৰ সৈতে

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 9:26 PM IST

বুধবাৰে টিংখাঙৰ বিভিন্ন বিভিন্ন গাঁও আৰু চাহ বাগিচাত ৰাইজৰ সৈতে মত বিনিময় কৰে আম আদমী পাৰ্টীৰ নেতৃত্বই । আপৰ কেন্দ্ৰীয় নেতা ৰাজেশ শৰ্মাও উপস্থিত থাকে উক্ত কাৰ্যসূচীত ৷

Village Yatra AAP dibrugarh
টিংখাঙত আপৰ গাঁও যাত্ৰা
টিংখাঙত আপৰ গাঁও যাত্ৰা

ডিব্ৰুগড়, 29 নৱেম্বৰ : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে দলৰ ভেঁটি শক্তিশালী কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী । আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈছে আম আদমী পাৰ্টীও । আপৰ 'গাঁও যাত্ৰা' কাৰ্যসূচীৰ অধীনত ডিব্ৰুগড় লোকসভা সমষ্টিত ব্যাপক জন অভিযান আৰম্ভ কৰিছে দলটোৱে ।

বুধবাৰে টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাঁও আৰু চাহ বাগিচাত সাধাৰণ ৰাইজৰ সৈতে মত বিনিময় কৰে আম আদমী পাৰ্টীৰ নেতৃত্বই । উক্ত গাঁও যাত্ৰা কাৰ্যসূচীত আপৰ কেন্দ্ৰীয় নেতা তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী ৰাজেশ শৰ্মা, কেন্দ্ৰীয় নেতা ৰাহুল পাৱাৰ, ৰাজ্যিক সভাপতি ড৹ ভৱেন চৌধুৰী, আপৰ ৰাজ্যিক উপ-সভাপতি তথা যুৱনেতা মনোজ ধানোৱাৰৰ লগতে বহু সংখ্যক স্থানীয় নেতা-কৰ্মী উপস্থিত থাকে ।

দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় নেতা ৰাজেশ শৰ্মাই আম আদমী পাৰ্টী শাসনলে আহিলে অসমত চাহ শ্ৰমিকৰ মজুৰি চাৰিশ টকালৈ বৃদ্ধি কৰাৰ লগতে সৰ্বসাধাৰণ লোকৰ বাবে বিদ্যুৎ যোগান সম্পূৰ্ণ বিনামূলীয়া কৰি দিয়া হ'ব বুলি উল্লেখ কৰে । ইয়াৰোপৰি দিল্লীৰ দৰে অসমতো শিক্ষা আৰু স্বাস্থ্যখণ্ডত আমূল পৰিৱৰ্তন হ'ব বুলি দাবী কৰে ৰাজেশ শৰ্মাই ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখত উন্নয়নৰ ফুলজাৰি মাৰিলেও অসমত যাতায়ত, শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত এখন পয়ালগা ছবিহে পৰিস্ফুত হৈছে বুলি মন্তব্য প্ৰকাশ কৰে নেতাগৰাকীয়ে । ইফালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে যুৱনেতা মনোজ ধানোৱাৰক প্ৰাৰ্থী হিচাবে প্ৰক্ষেপিত কৰাৰ কথাও অৱগত কৰে আপৰ অসম প্ৰভাৰী গৰাকীয়ে ।

উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি আপ উপ-সভাপতি মনোজ ধানোৱাৰে কয় যে গাঁও যাত্ৰা কাৰ্যসূচীৰ জৰিয়তে দলৰ সাংগঠনিক ভেটি মজবুত কৰিবলৈ চেষ্টা কৰাৰ উপৰিও ৰাইজৰ অভাৱ-অভিযোগৰ বুজ ল’বলৈ চেষ্টা কৰা হৈছে । ইয়াৰোপৰি বিৰোধী ঐক্য গঠন হোৱাৰ পাচতেই বিজেপিৰ ভেটি কঁপিছে বুলি উল্লেখ কৰে ধানোৱাৰে । যাৰ বাবে শাসকীয় দলে বিৰোধী ঐক্যৰ মাজত বিভেদ আনি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা কৰিছে বুলি মন্তব্য কৰে মনোজ ধানোৱাৰে ।

লগতে পঢ়ক : প্ৰমানপত্ৰ দিলে ঠিকেই, কিন্তু ৰেকৰ্ডৰ বাবে ৰোপণ কৰা গছপুলিবোৰ কেনে আছে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.