ETV Bharat / state

Youth beaten by police: ৰিজাৰ্ভ ক্ল'জ কৰাৰ পিছতেই আৰক্ষী বিষয়াক নিলম্বনৰ দাবী

author img

By

Published : Oct 11, 2022, 8:46 AM IST

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পত্নীক অশ্লীল ইংগিত দিয়াৰ বাবে মৰাণ থানাত বলীউডৰ কায়দাৰে থানাৰ ভিতৰতে উলংগ কৰি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল যুৱকৰ এটা দলক (Youth gang brutally beaten by Moran police) ৷ তাৰ পিছতেই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনক ৰিজাৰ্ভ ক্ল'জ কৰা হ’ল যদিও তেওঁৰ নিলম্বনৰ দাবী উত্থাপন কৰিছে প্ৰহৃত যুৱকৰ দলটোৱে (Reserve Clause to SP Maran Police Station)৷

After Reserve close youth gang demanding suspension of Moran OC
যুৱকক উলংগ কৰি প্ৰহাৰ: ৰিজাৰ্ভ ক্ল'জ কৰাৰ পিছতেই আৰক্ষী অধীক্ষকক নিলম্বনৰ দাবী

মৰাণ, 11 অক্টোবৰ: মৰাণত বলীউডৰ একশ্যন চিকুৱেন্স ৰিটাৰ্নছ (Youth gang brutally beaten by Moran police)৷ পোন প্ৰথমে যুৱকৰ এটা দলে অশ্লীল ইংগিত দিলে এগৰাকী মহিলাক, লগে লগে আৰক্ষী স্বামীয়ে যুৱকৰ দলটোক কৰায়ত্ত কৰি বলীউডৰ কায়দাৰে থানাৰ ভিতৰতে উলংগ কৰি গুৰুলা গুৰুল প্ৰহাৰ কৰে ৷ এইবাৰ আহিল ক্লাইমেক্স... আৰক্ষীৰ লগত যোগ দিলে দুই লোকেল হিৰ’ৱে ৷ তাৰ পিছতেই লাগিল কেনা ৷

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা 7 অক্টোবৰত ডিমৌৰ 10 গৰাকী যুৱকে অৰুণাচল প্ৰদেশৰ পৰা ইভেণ্ট মেনেজমেণ্টৰ কাম শেষ কৰি ঘূৰি আহি মৰাণৰ পেচিফিকা ইন ধাবাত আহাৰ গ্ৰহণ কৰিবলৈ সোমাই (Youth allegedly molest OC wife) ৷ সেই একেখন ধাবাতে মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীয়ে (OC Bijay Daimary)পত্নীৰ সৈতে আহাৰ গ্ৰহণ কৰি আছিল ৷ যুৱকৰ দলটোৱে ধাবাতেই ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ পত্নীক অশ্লীল ইংগিত দিয়া বুলি অভিযোগ উত্থাপন হৈছিল ৷

সেই নিশাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে যুৱকৰ দলটোক আটক কৰে (Police detained youth gang) ৷ পত্নীক অশ্লীল ইংগিত দিয়াৰ খঙত অগ্নিশৰ্মা হৈ থকা আৰক্ষী বিষয়াগৰাকীয়ে থানাৰ ভিতৰতে যুৱকৰ দলটোক উলংগ কৰি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ তুলিলে যুৱকৰ দলটোৱে (Moran OC brutally beaten youth gang) ৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ লগতে উপ পৰিদৰ্শক ভৱেন দত্তসহ (SI Bhaben Dutta) দুই যুৱক ক্ৰমে দুদুল লেখাৰু আৰু মানৱ হাজৰিকাই(পিতি)ও ওৰে নিশা আটাইকে প্ৰহাৰ কৰাৰ অভিযোগ তুলিলে যুৱকৰ দলটোয়ে ৷

পৰৱৰ্তী সময়ত আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত যুৱককেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ এই ঘটনাৰ বিষয়ে সৰ্বত্ৰে চৰ্চা হোৱাৰ পিছতে সোমবাৰে মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক ৰিজাৰ্ভ ক্ল’জ (Reserve Clause to SP Maran Police Station) কৰা বুলি জানিব পৰা যায় ৷

ইফালে যুৱকৰ দলটোৱে এই খবৰ পোৱাৰ পিছতেই জাঙুৰ খাই উঠিছে আৰক্ষীৰ বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত ৷ যুৱকৰ দলটোৱে সোমবাৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ লগতে আৰক্ষী উপ পৰিদৰ্শক দত্ত আৰু দুই যুৱকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে (Victim demanding suspension of Moran OC)৷

লগতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক ততালিকে নিলম্বন কৰিবলৈ সংবাদমাধ্যমৰ জড়িয়তে আৰক্ষীৰ শীৰ্ষ মহলক দাবী উত্থাপন কৰে ৷ আনহাতে থানাৰ ভিতৰত বাহিৰৰ পৰা গৈ দুদুল লেখাৰু আৰু মানৱ হাজৰিকাই কৰা নিৰ্মমভাৱে প্ৰহাৰ কৰা বুলি উল্লেখ কৰি যুৱককেইজনে প্ৰশ্ন উত্থাপন কৰি কয় যে, থানাৰ ভিতৰত বাহিৰৰ লোক প্ৰৱেশ কৰি এনেদৰে মাৰপিট কৰাটো কিমান যুক্তিপূৰ্ণ ?

অৱশ্যে উপযুক্ত তদন্তৰ অন্ততহে পোহৰলৈ আহিব এই সমগ্ৰ ঘটনাৰ আঁৰৰ প্ৰকৃত সত্যতা ৷ এনে ক্ষেত্ৰত আৰক্ষীৰ তদন্ত কেনে দিশে আগবাঢ়ে সেইয়া হ’ব লক্ষ্যনীয় ৷

লগতে পঢ়ক: উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ আবকাৰী কনিষ্টবল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.