ETV Bharat / state

ডিব্ৰুগড়ত গাড়ী চলাচলৰ ক্ষেত্ৰত যুগ্ম-অযুগ্মৰ ফৰ্মূলা - ডিব্ৰুগড়

ডিব্ৰুগড় জিলা উপায়ুক্তই বুধবাৰে যান-বাহন চলাচলৰ ক্ষেত্ৰত এখন নিৰ্দেশনা জাৰী কৰিছে ৷ এই নিৰ্দেশনা অনুসৰি বৃহস্পতিবাৰৰে পৰা ডিব্ৰুগড়ত গাড়ী চলাচলৰ ক্ষেত্ৰত নম্বৰ প্লেটৰ যুগ্ম-অযুগ্মৰ ফৰ্মূলা ব্যৱহাৰ হ'ব ।

ডিব্ৰুগড়ত গাড়ী চলাচলৰ ক্ষেত্ৰত যুগ্ম-অযুগ্মৰ ফৰ্মূলা

author img

By

Published : May 13, 2021, 1:53 PM IST

ডিব্ৰুগড়, 13 মে’ : মহামাৰী কৰ’ণাৰ এই ভয়ংকৰ পৰিস্থিতিৰ সৈতে যুঁজিবলৈ কঠোৰ হৈছে ডিব্ৰুগড় প্ৰশাসন । বুধবাৰে যান-বাহন চলাচলৰ ক্ষেত্ৰত ডিব্ৰুগড় জিলা উপায়ুক্তই এখন নিৰ্দেশনা জাৰী কৰিছে ৷ এই নিৰ্দেশনা অনুসৰি বৃহস্পতিবাৰৰে পৰা ডিব্ৰুগড়ত গাড়ী চলাচলৰ ক্ষেত্ৰত নম্বৰ প্লেটৰ যুগ্ম-অযুগ্মৰ ফৰ্মূলা ব্যৱহাৰ হ'ব । পুৱা ৫ বজাৰ পৰা দুপৰীয়া ২ বজালৈহে চলিব পাৰিব বাহনসমূহ । দিনৰ ২ বজাৰ পিছতে আৰম্ভ হ'ব সান্ধ্য আইন ।

ডিব্ৰুগড়ত গাড়ী চলাচলৰ ক্ষেত্ৰত যুগ্ম অযুগ্মৰ ফৰ্মূলা

উল্লেখ্য যে, ডিব্ৰুগড়ৰ ৰাজপথত দেওবাৰ,মংগল বাৰ,বৃহস্পতিবাৰ আৰু শনিবাৰে গাড়ীৰ শেষৰ নম্বৰটো যুগ্ম অৰ্থাৎ 0/2/4/6/8 সংখ্যা থকা গাড়ীহে চলিব পাৰিব । আনহাতে সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে নম্বৰ প্লেটৰ শেষৰ সংখ্যাত অযুগ্ম যেনে 1/3/5/7 আৰু 9 নম্বৰৰ গাড়ী চলাচল কৰিব পাৰিব । এই ক্ষেত্ৰত আৰক্ষী-প্ৰশাসন কঠোৰ হোৱাৰ লগতে এই নিৰ্দেশনা ভংগ কৰিলে আইন মতে দণ্ডনীয় হ’ব বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক : বৃহস্পতিবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ব অধিক কঠোৰ নীতি নিয়ম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.