ETV Bharat / state

Veerangana Mulagavaru Award: লাভলীনা বৰগোঁহাইলৈ বীৰাংগনা মূলাগাভৰু বঁটা

বিশ্ব চেম্পিয়ন লাভলীনা বৰগোঁহাইক টাইপাই প্ৰদান কৰিব বীৰাংগনা মূলাগাভৰু বঁটা । সোণাৰিত সংবাদমেল অনুষ্ঠিত কৰি ঘোষণা কৰিলে টাই আহোম যুৱ পৰিষদে । অহা ২৯ আৰু ৩০ এপ্ৰিলত বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱসত প্ৰদান কৰা হ'ব এই বঁটা (Veerangana Mulagavaru Award to Lovlina Borgohain) ।

Veerangana Mulagavaru Award to Lovlina Borgohain
লাভলীনা বৰগোঁহাইলৈ বীৰাংগনা মূলাগাভৰু বঁটা
author img

By

Published : Apr 26, 2023, 10:51 PM IST

লাভলীনা বৰগোঁহাইলৈ বীৰাংগনা মূলাগাভৰু বঁটা

মৰাণ, ২৬ এপ্ৰিল: সোণাৰিত টাই আহোম যুৱ পৰিষদৰ গুৰুত্বপূৰ্ণ সংবাদমেল । অহা ২৯ আৰু ৩০ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস আৰু দশম বাৰ্ষিক বঁটা প্ৰদান আয়োজন সম্পৰ্কত সংবাদমেল (Veerangana Mulagavaru Award) । সোণাৰিৰ ভগৱতী প্ৰসাদ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা অনুষ্ঠানত এইবাৰ বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান কৰিব অলিম্পিক পদক বিজয়ী তথা বিশ্ব চেম্পিয়ন লাভলীনা বৰগোঁহাইক ।

অসমবাসীক সকলো কাৰ্যসূচীত সহায় সহযোগিতাৰ আহ্বান টাইপাৰ কেন্দ্ৰীয় সমিতিৰ । টাই আহোম যুৱ পৰিষদৰ হৈ সংবাদমেল সম্বোধন কৰিলে টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে । উল্লেখযোগ্য যে, টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু চৰাইদেউ জিলা সমিতিৰ সহযোগত বীৰাংগনা মূলাগাভৰুৰ জীৱনাদর্শ, বলিষ্ঠ ভূমিকা আৰু ত্যাগক গভীৰ শ্ৰদ্ধা আৰু উচিত মর্যাদাৰে সুঁৱৰি বিগত কেইবা বছৰৰ পৰাই ক্ৰমাগতভাৱে ঐতিহ্যমণ্ডিত সোণাৰি নগৰত অনুষ্ঠিত কৰি আহিছে বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠান (Veerangana Mulagavaru Award to Lovlina Borgohain) ।

লগতে পঢ়ক: BJP filed FIR: গ্ৰেপ্তাৰ হ'ব নেকি কংগ্ৰেছী নেতা ৰাণা গোস্বামী ?

এইবাৰ অলিম্পিক পদক বিজয়ী তথা বিশ্ব চেম্পিয়ন লাভলীনা বৰগোঁহাইক এই বঁটা প্ৰদানৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি তুংগত কৰি তুলিছে টাই আহোম যুৱ পৰিষদে । উল্লেখ্য যে, অলিম্পিকৰ পিছত বহুত উথান-পতন আহিছিল লাভলীনাৰ জীৱনলৈ (TAYPA Veerangana Mulagavaru Award to Lovlina Borgohain) । কমনৱেলথত পৰাজিত হোৱাৰ বাবে বহু সমালোচনাৰো সন্মুখীনো হৈছিল লাভলীনা । কিন্তু তাৰপাছতে মনত দৃঢ়তা বান্ধি আগুৱাই গৈছিল লাভলীনা।

আৰু তাৰপাছতেই বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰি অসমলৈ গৌৰম কঢ়িয়াই আনিলে লাভলীনা বৰগোঁহাইয়ে । বহু সময়ত লাভলীনাই অসমবাসীৰ কটু সমালোটনাৰ সন্মুখীন হ'বলগা হৈছিল যদিও দুৰ্জেয়ভাৱে নিজৰ অনুশীলন অব্যাহত ৰাখিছিল ।

লগতে পঢ়ক: Talent of weavers: আঁচু সূতাৰ চানেকিৰে মালতীয়ে জীৱন্ত কৰি তুলিছে বহু মনীষীৰ ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.