মৰাণ,14 জুন : ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত ভাৰতীয় খাদ্য নিগমৰ দ্বাৰা পৰিচালিত উজনি অসমৰ খোৱাঙৰ ধান ক্ৰয় কেন্দ্ৰটো যোৱা ৩১ মে’ৰ পৰা বন্ধ কৰি দিয়া হৈছে । উজনিৰ বিভিন্ন স্থানৰ কৃষকৰ পৰা নুন্যতম সমৰ্থিত মূল্যত ধান ক্ৰয় কৰা হৈছিল এই কেন্দ্ৰটোত । সম্প্ৰতি কেন্দ্ৰটো বন্ধ হৈ পৰাত কৃষকসকল চিন্তিত হৈ পৰিছে । যাৰ ফলত এতিয়া কৃষকসকলে উৎপাদিত মূল্যতকৈ বহু কম দামত বিক্ৰী কৰিবলগা হৈছে উৎপাদিত ধান । যাৰ বাবে শালিখেতিৰ প্ৰতি অনিহা প্ৰকাশ কৰিছে কৃষকসকলে । ব্যৱসায় ভিত্তিত খেতি নকৰি বছৰ যোৱা ভাত মুঠি যোগাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বহু কৃষকে ।
একাংশ কৃষকে জানিবলৈ দিয়া অনুসৰি, প্ৰতি বিঘা খেতি মাটিত হাল বোৱাৰ পৰা ধান কটালৈকে এক মোটা অংকৰ ধন খৰচ হয় ৷ এই খৰচ কিন্তু উৎপাদিত ধান বিক্ৰী কৰি লাভ নকৰে কৃষকে । চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত নুন্যতম সমৰ্থিত মূল্য ১,৮৬৮ টকা দিয়া হৈছিল যদিও ধান ক্ৰয় কেন্দ্ৰটোত ধান লোৱা বন্ধ কৰি দিয়াত ১১-১২ টকা দৰত প্ৰতি কেজি ধান বিক্ৰী কৰিবলগা হৈছে ।
ভাৰতীয় খাদ্য নিগমৰ দ্বাৰা পৰিচালিত খোৱাংঘাটৰ বেৰীয়া ৰাইচ মিলৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়া অনুসৰি, চলিত বৰ্ষটোত ১২,৮৮০ কুইণ্টল ধান কৃষকৰ পৰা ক্ৰয় কৰা হৈছে । এতিয়াও বহু কৃষকে উৎপাদিত ধান বিক্ৰী কৰিবলৈ ইচ্ছুক যদিও ক্ৰয় কেন্দ্ৰটোত ধান লোৱা বন্ধ কৰাত যি কোনো স্থানত কৃষকসকলে কম মূল্যত বিক্ৰী কৰিছে ধান ।
তদুপৰি তেখেতে জানিবলৈ দিয়ে যে, বড়ো ধান ক্ৰয় কৰিবলৈ দুটা মাহৰ বাবে পুনৰ ধান ক্ৰয় কেন্দ্ৰটো খোলাৰ সম্ভাৱনা আছে যদিও এই ক্ষেত্ৰত কোনো নিশ্চয়তা নাই । চৰকাৰৰ অনুমতি সাপেক্ষেহে ক্ৰয় কৰা হয় ধান । উজনি অসমত বহু কৃষকে খেতিৰ ওপৰত নিৰ্ভৰ কৰিয়ে পৰিয়াল পোহপাল দি আছে । এই কৃষকসকলৰ খেতিৰ প্ৰতি যদি প্ৰকাশ কৰাৰ মতে অনিহা আহি পৰে, তেন্তে দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক: নৌকা যাত্ৰাৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ