ETV Bharat / state

Unique Rongali Bihu : টিংখাঙত ৰঙালী বিহুত দধিমন্থন - Unique Rongali Bihu celebrates at Tingkhong

এক ব্যতিক্ৰমী নীতি-নিয়মেৰে ব'হাগ বিহু উদযাপন কৰা টিংখাঙৰ এখন গাঁও (Rongali Bihu2023) । ১৪ ব’হাগলৈকে হুঁচৰি পৰিৱেশন কৰা নহয় গাঁওখনত ৷ কিন্তু কিয় ?

Exceptional Rongali Bihu in Tingkhong
নামঘৰত দধিশাল স্থাপন
author img

By

Published : Apr 18, 2023, 10:53 AM IST

নামঘৰত দধিশাল স্থাপন

মৰাণ, ১৮ এপ্ৰিল : ব'হাগৰ বতৰত চাৰিওফালে ঢোল-পেঁপাৰ মাতে ৰজনজনাই থকা সময়তো টিংখাং সমষ্টিৰ নাহৰপৰা বৰবিল নামৰ গাঁওখনত ১৪ ব'হাগলৈকে ৰাইজে হুঁচৰি পৰিৱেশনৰ পৰা বিৰত থাকে (Exceptional Rongali Bihu in Tingkhong)। অতীজৰে পৰা গাঁওখনত ব'হাগৰ আধ্যাত্মিক নীতি নিয়মেৰে পালন কৰি আহিছে ৰঙালী বিহু ।

বাপতি সাহোন ব'হাগ বিহুত গৰু বিহুৰ দিনাই এই গাঁৱৰ লোকসকলে একত্ৰিত হৈ নামঘৰৰ ভিতৰত দধিশাল স্থাপন কৰে । এই শাল স্থাপন কৰাৰ পূৰ্বে গায়ন বায়নৰে ঘাটৰ পৰা পাঁচটা বাঁহৰ চুঙাত পানী তুলি অনা হয় । এই চুঙা কেইটাক ঘট বুলি কোৱা হয় । পানীৰে পৰিপূৰ্ণ এই ঘট কেইটা শালখনৰ তলত গাঁত খান্দি পুঁতি দিয়া হয় । দধিমন্থনৰ যোগেদি এই ঘটৰ পৰা ওলোৱা পানীক দধি হিচাপে মান্য কৰে (Rongali Bihu in Naharpora Borbill)।

উল্লেখযোগ্য যে, এই শালখনত ৰঙা, বগা আৰু ক'লা ৰঙেৰে সুন্দৰকৈ সজাই তোলে । ইয়াৰে এটা ৰং হালধি আৰু চোন মিহলি কৰি প্ৰস্তুত কৰে । তদুপৰি এটা ৰং বাঁহ গছৰ পাত পুৰি লৈ বাঁহপাতৰ লগত মিঠাতেল মিহলি কৰি কলা ৰং প্ৰস্তুত কৰে । আনহাতে, বগা ৰঙৰ কাৰণে চূন দিয়া হয় । শালখনৰ দুইমূৰে দুটা মগৰ মুণ্ড সজোৱা হয় । যিহেতু এই লোকসকল পূৰ্বতে শাক্ত ধৰ্মালম্বী আছিল তাৰেই চিন স্বৰূপে গাঁওখনৰ প্ৰত্যেক ঘৰৰ পৰা এই মগৰ দুটাৰ কাষত একো খন ৰঙা বস্ত্ৰ মেৰিয়াই দিয়ে ।

আই যশোদা মাতৃৰ নামত উচৰ্গা কৰা এই শালখনে বৈষ্ণৱ আৰু শাক্তৰ দুইটা প্ৰথাক একাকাৰ কৰি ৬ ব'হাগলৈকে নামঘৰত প্ৰত্যেক দিনাই ১৪ প্ৰসংগ কৰি দধিমন্থন কৰি আহিছে । যিহেতু এই দধিশাল ভাগি ব’হাগৰ ১৪ তাৰিখৰলৈকে নামঘৰত স্থাপন কৰি থোৱা হয় ৷ সেইবাবে গাঁওখনত হুঁচৰি গোৱা বা বিহু সন্মিলনৰ কাৰ্যসূচী হাতত লোৱা নহয় । এই শাল উঠোৱাৰ পিচতহে গাঁৱত বিহু মৰা হয় ।

লগতে পঢ়ক:Love Sex aur Dhokha: অবৈধ প্ৰেমিকৰ সৈতে অসংযত অৱস্থাত উদ্ধাৰ প্ৰেয়সীক; হত্যাৰ সিদ্ধান্ত ল’লে প্ৰেমিকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.