ETV Bharat / state

খোৱাঙত জৰাজীৰ্ণ পথত ভূঁ‌ই ৰুই ৰাইজৰ প্ৰতিবাদ - ভূঁই ৰুই এক অভিনৱ প্ৰতিবাদ

বিধায়ক চক্ৰধৰ গগৈয়ে দুৰ্নীতিকাৰী ঠিকাদাৰক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ খোৱাং আছুৰ ৷ শীঘ্ৰে পথছোৱা মেৰামতি নকৰিলে ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ সংগঠনৰ ৷

খোৱাং আছু
খোৱাং আছু
author img

By

Published : Jul 30, 2020, 9:02 PM IST

মৰাণ, 30 জুলাইঃ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি লোৱাৰ প্ৰতিশ্ৰুতিৰে বিজেপি চৰকাৰখনে শাসনৰ গাদী দখল কৰিলে যদিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত উন্নয়ণ মূলক কামত সংঘটিত হ'বলৈ ধৰিছে দুৰ্নীতি ৷ যাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিবাদ হ'বলৈ আৰম্ভ কৰিছে ৷ মৰাণ সমষ্টিৰ হালধিবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত চিলচিলি কলালোৰ কোঁচ গাঁৱত বৃহস্পতিবাৰে আছুৱে জৰাজীৰ্ণ পথত ভূঁই ৰুই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷ শেনচোৱা পুখুৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে চিলচিলি কোঁচ গাঁ‌ৱৰ বহু সংখ্যক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে ৷

খোৱাঙত জৰাজীৰ্ণ পথত ভূঁ‌ই ৰুই ৰাইজৰ প্ৰতিবাদ

অভিযোগ অনুসৰি পথটোৰ বাবে আৱন্টিত হোৱা ধন ঠিকাদাৰে আত্মসাৎ কৰি পথটো অতি নিম্ন মানদণ্ডৰে মেৰামতি কৰিলে ৷ যাৰ ফলত মেৰামতিৰ পিছতে পথটো বোকাময় হৈ পৰিছে ৷ মৰাণৰ বিধায়ক চক্ৰ গগৈয়ে সামাজিক মাধ্যমত সমষ্টিৰ উন্নয়ন কথা প্ৰচাৰ কৰি জনপ্ৰিয়তা লাভ কৰাৰ প্ৰতিযোগিতা কৰিলেও কিন্তু মৰাণৰ ৰাইজে উন্নয়ন বিচাৰি হাহাকাৰ কৰিব লগা হৈছে ৷

জৰাজীৰ্ণ পথত ভূঁ‌ই ৰুলে ৰাইজে
জৰাজীৰ্ণ পথত ভূঁ‌ই ৰুলে ৰাইজে

ৰাইজৰ অভিযোগ,মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে পথ সমূহ নিৰ্মাণৰত অৱস্থাত কোনো গুৰুত্ব নিদিয়াৰ লগতে ৰাইজে অভিযোগ দিলেও এই অভিযোগৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে ৷ যাৰ বাবে ঠিকাদাৰ বিলাকে লুন্ঠন চলাবলৈ সুবিধা পায় ৷ বৃহস্পতিবাৰে চিলচিলি কলালোৰ কোঁচ গাঁ‌ৱত দুৰ্নীতি সংঘটিত হোৱা এই পথটোত উপস্থিত হৈ আছুৰ ডিব্ৰুগড় জিলাৰ সহকাৰী সাঃসম্পাদক ৰাহুল কোঁৱৰ আৰু খোৱাং আঞ্চলিকৰ উপ-সভাপতি অংকিত গগৈয়ে কয় যে কেৱল নিৰ্বাচনৰ সময়ত বিধায়কে ভোট ভিক্ষা কৰিবলৈ আহিলেই নহ'ব,ৰাইজৰ দুখ-দুৰ্দশা বুজ ল'বলৈও আহিব লাগে ৷ দুৰ্নীতিকাৰী ঠিকাদাৰক ৰক্ষণাবেক্ষণ দিয়াৰ পৰিৱৰ্তে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিলেহে প্ৰকৃত উন্নয়ণ হ'ব বুলি নেতাদ্বয়ে উল্লেখ কৰে ৷
লগতে পঢ়কঃ বাঘজান তৈলক্ষেত্ৰত অইলৰ শেষ যুদ্ধৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.