মৰাণ, ২৫ জুন : এতিয়াও ডিব্ৰুগড়ৰ ক'ভিড পৰিস্থিতি(COVID SITUATION) নিয়ন্ত্ৰণলৈ অহা নাই । প্ৰতিদিনে জিলাখনৰ বিভিন্ন ঠাইত চিনাক্ত হৈ আছে ক'ভিড ৰোগী । ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে জিলাখনৰ বিভিন্ন ঠাইত সাজু কৰিছে বহু কেইটা ক'ভিড কেয়াৰ কেন্দ্ৰ । ডিব্ৰুগড় জিলাৰ নামৰূপ BVFCL চিকিৎসালয়ত স্থাপন কৰা হৈছে ক'ভিড কেয়াৰ কেন্দ্ৰ । ১০০ খন বিচনাযুক্ত ক'ভিড কেয়াৰ কেন্দ্ৰটো শনিবাৰে মুকলি কৰা হ'ব ।
সেয়েহে ক'ভিড কেয়াৰ কেন্দ্ৰটো মুকলি কৰাৰ আগতে শুকুৰবাৰে কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে চিকিৎসালয়খনত উপস্থিত হৈ সম্পূৰ্ণ চিকিৎসা ব্যৱস্থাপনাৰ বুজ লয় । ৰোগীসকলে যাতে ক'ভিড কেয়াৰ কেন্দ্ৰটোত সকলো সুবিধা লাভ কৰে সেই বিষয়ে স্বাস্থ্য বিষয়াসকলৰ সৈতে মন্ত্ৰীজনে আলোচনা কৰে । মন্ত্ৰীজনৰ সৈতে উপস্থিত থাকে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ লগতে স্বাস্থ্য আৰু প্ৰশাসনিক বিষয়াসকল ।
আনহাতে, ৰাজ্যৰ সৰ্বাধিক ক'ভিড সংক্ৰমণ হোৱা জিলাৰ তালিকাত আছে ডিব্ৰুগড় জিলাও । জিলাখনক স্বাস্থ্য বিভাগে ৰেড জ'ন হিচাপে ঘোষণা কৰিছে । বিগত দিনবোৰত জিলা প্ৰশাসনে ডিব্ৰুগড়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা নাই ।
ইফালে, জিলাখনত টীকাকৰণ অভিযানো পূৰ্ণ গতিত চলাইছে স্বাস্থ্য বিভাগে । কিন্তু চাহ বাগিচা অঞ্চলত সংক্ৰমণৰ সংখ্যা বাঢ়িয়েই আছে । সজাগতাৰ অভাৱৰ বাবেই এই লোকসকল অধিক সংক্ৰমিত হৈছে বুলি ধাৰণা কৰা হৈছে । কিয়নো, অধিকাংশ লোকে মাস্ক পৰিধান কৰা, সামজিক দূৰত্ব মানি চলা আৰু নিজৰ স্বাস্থ্যৰ যত্ন লোৱাত সজাগ নহয় ।
লগতে পঢ়ক:মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথত জাল পাতিলে কোনে ?