ডিব্ৰুগড়,10 মে’: বৃহৎ পৰিমাণৰ ড্ৰাগছ, নগদ ধনসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে । এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চহৰখনৰ বৈৰাগীমঠৰ পৰা গ্ৰেপ্তাৰ কৰে সীমান্ত শইকীয়া আৰু গুণ গগৈ নামৰ দুই যুৱকক । আটকাধীন যুৱক দুজন তৈলনগৰী দুলীয়াজানৰ ৷
আৰক্ষীয়ে যুৱক দুজনৰ পৰা ৪২ হাজাৰ নগদ টকাসহ ১৭ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । লগতে AS O6 AA 2988 নম্বৰৰ এখন চাৰিচকীয়া বাহন আৰু অৰুণাচলত পঞ্জীয়নকৃত AR 16 A 3856 নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰে । ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি এক বৃহৎ চক্ৰই ড্ৰাগছৰ এই ব্যৱসায় চলাই থকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ।
লগতে পঢ়ক: পৰীক্ষা বাতিল: একাদশ-দ্বাদশৰ সকলো শিক্ষাৰ্থী উত্তীৰ্ণ