মৰাণ, 10 ডিচেম্বৰ: ডিব্ৰুগড়ত ক্ৰমাৎ বৃদ্ধি পাইছে বাঘৰ আতংক ৷ ডিব্ৰুগড়ৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন সময়ত বন বিভাগে বহু বাঘ পিঞ্জৰাবদ্ধ কৰিছিল যদিও বৃহস্পতিবাৰে পুনৰ চাবুৱা চাহ বাগিচাত উদ্ধাৰ হয় দুটাকৈ বাঘৰ পোৱালী ৷ বাগিচাত চাহ শ্ৰমিকে চাহ গছ কলম কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে বাঘৰ পোৱালী দুটা ৷ তাৰ পাছতে স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াৰ পাছতে বাঘৰ পোৱালী দুটা উদ্ধাৰ কৰে ।
উল্লেখ্য যে কিছুদিনৰ পূৰ্বে ডিব্ৰুগড়ৰ বহুকেইখন গাঁৱত বাঘে দৈনিক পশু ধন ভক্ষণ কৰিছিল ৷ তাৰ পাছৰ পৰাই আতংকিত হৈ গাঁও কেইখনৰ লোকে গধূলিতে ঘৰ সোমাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল ৷ বৃহস্পতিবাৰে পুনৰ চাবুৱা চাহ বাগিচাত বাঘৰ পোৱালী উদ্ধাৰ হোৱাত পুনৰ আতংকিত হৈছে বাগিচাখনৰ ৰাইজে ৷