ETV Bharat / state

Namrup fertilizer plant privatisation: নামৰূপ সাৰ কাৰখানা ব্যক্তিগতকৰণৰ বিৰুদ্ধে TMC ৰ প্ৰতিবাদ - Ripun Borah slamed BJP

নামৰূপ সাৰ কাৰখানাক ব্যক্তিগত খণ্ডক বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে সাৰ কাৰখানাটোৰ প্ৰৱেশদ্বাৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ(TMC protest against privatization of BVFCL Namrup) । প্ৰতিবাদত অংশ ল'লে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই ।

TMC protest against privatization of BVFCL Namrup
নামৰূপ সাৰ কাৰখানা ব্যক্তিগতকৰণৰ বিৰুদ্ধে TMC ৰ প্ৰতিবাদ
author img

By

Published : Oct 18, 2022, 8:52 PM IST

মৰাণ,১৮ অক্টোবৰ: ব্যক্তিগত খণ্ডৰ হাতলৈ যাব উত্তৰ-পূৱৰ অন্যতম ৰাজহুৱা খণ্ডৰ সাৰ উদ্যোগ প্ৰতিষ্ঠান ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড চমুকৈ বি ভি এফ চি এল (Brahmaputra Valley Fertilizer Corporation Limited)। সাৰ কাৰাখানাটোক উজ্জীৱিতকৰণৰ বাবে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Narendra Modi) নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডক গতাই দিয়াৰ বাবে চলাই থকা প্ৰস্তুতিৰ মাজতে মঙলবাৰে অসম তৃণমূল কংগ্ৰেছ দলৰ ডিব্ৰুগড জিলা আৰু তিনচুকীয়া জিলা কমিটিৰ যৌথ উদ্যোগত মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (TMC protest against privatization of BVFCL Namrup)।

উল্লেখ্য যে নিৰ্বিনিয়োজন নীতিৰ আধাৰত নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেড অৰ্থাৎ BVFCL ৰ নাম সাঙুৰ খাই পৰাত ইতিমধ্যে এই বিষয়ে নামৰূপৰ লগতে সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মঙলবাৰে অসম তৃণমূল কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে নামৰূপ সাৰ কাৰখানা বিক্ৰীৰ বিৰোধিতাৰে বিভিন্ন শ্লোগানেৰে কঁপাই তোলে নামৰূপ । নামৰূপ তথা অসমৰ গৌৰৱ নামৰূপ সাৰ কাৰখানা ব্যক্তিগত খণ্ডৰ হাতৰ পৰা বচাবলৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি ‌তোলাৰ হুংকাৰ দিয়ে ।

নামৰূপ সাৰ কাৰখানা ব্যক্তিগতকৰণৰ বিৰুদ্ধে TMC ৰ প্ৰতিবাদ

এই প্ৰতিবাদী কাৰ্যসূচীত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই অংশগ্ৰহণ কৰি চৰকাৰৰ এই ধৰণৰ কাৰ্যৰ বিৰোধিতা কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে(Ripun Borah slamed BJP) । ৰাজ্যিক সভাপতিগৰাকীয়ে কয়, বৰ্তমান সময়ত নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডেই কেৱল অসমৰ ৰাইজৰ ৰাজহুৱা সম্পদ হৈ আছে । বাকী সকলো বিজেপি চৰকাৰে বিক্ৰী কৰি শেষ কৰিলে(Ripun Borah against privatization of BVFCL Namrup) ।

ইতিমধ্যে চৰকাৰে অসমৰ বিমান বন্দৰো বিক্ৰী কৰিলে আদানি কোম্পানীক, দুটাকৈ পেপাৰ মিল দীৰ্ঘ দিন বন্ধ কৰি এতিয়া ব্যক্তিগত কোম্পানীক গতাই দিবলৈ চেষ্টা কৰিছে বুলিও কয় ৰিপুণ বৰাই । অসমৰ মানুহৰ আবেগ, ত্যাগ তথা কষ্ট জড়িত হৈ থকা এই নামৰূপ সাৰ কাৰখানা বিক্ৰী কৰাৰ সিদ্ধান্ত কেতিয়াও অসমৰ তৃণমূল কংগ্ৰেছে মানি নলয় বুলি কয় ৰাজ্যিক সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক: Lok Sabha Election 2024 : লোকসভা নিৰ্বা চনত ৰ্বা উত্তৰ-পূৰ্বা ঞ্চৰ্বা লৰ ৯২ শতাংশ আসন দখলৰ লক্ষ্য বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.