ETV Bharat / state

TMC joining programme:এ আই ইউ ডিএফ অবিহনে মহাজোঁট অসম্পূৰ্ণ: ৰিপুন বৰা

নাম গোন্ধ নোহোৱা দলক লৈ মহাজোঁট গঠন হ'ব নোৱাৰে বুলি মন্তব্য় অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ (Trinamool Congress joining programme)। ডিব্ৰুগড়ৰ জিলা পুথিভঁড়ালত অনুষ্ঠিত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ এইদৰে মন্তব্য় কৰে তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

Trinamool Congress joining programme
তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী
author img

By

Published : Mar 20, 2023, 9:59 PM IST

তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী

মৰাণ, ২০ মাৰ্চ: ডিব্ৰুগড়ৰ জিলা পুথিভঁড়ালত দেওবাৰে অনুষ্ঠিত হয় তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী (TMC joining programme at Dibrugarh)। এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে দলৰ ৰাজ্য়িক সভাপতি ৰিপুন বৰাই (Trinamool Congress meeting in Dibrugarh)। এই কাৰ্যসূচীত বিভিন্ন দলৰ শতাধিক কৰ্মী-সমৰ্থকে তৃণমূল কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে । যোগদান কাৰ্যসূচীত দলটোৰ কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে ।

ইপিনে, ইয়াৰ পিছতে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এক সংবাদমেল সম্বোধন কৰি কয়,"এ আই ইউ ডি এফ অবিহনে মহাজোঁট সম্পূৰ্ণ হ'ব নোৱাৰে । "মহাজোঁটত বৃহৎ ৰাজনৈতিক দলসমূহ থাকিব লাগিব বুলি তেওঁ দাবী কৰে । ৰাজ্য়িক সভাপতি ৰিপুন বৰাই পুনৰ কয় যে নাম গোন্ধ নোহোৱা সৰু-সুৰা দলক লৈ মহাজোঁট গঠন হ'ব নোৱাৰে । মহাজোঁটত দুই-এটা দল আছে, সেই দলটোৰ তেৱেই সভাপতি আৰু তেৱেই প্ৰাৰ্থী ৷

জমিনত নথকা বা ৰাইটিং পেডত থকা পাৰ্টীক লৈ মহাজোঁট হ'ব নোৱাৰে । তেনেকুৱা মহাজোঁটে প্ৰৱল পৰাক্ৰমী বিজেপিক প্ৰতিহত কৰিব নোৱাৰে বুলি মন্তব্য় কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্য়িক সভাপতি ৰিপুন বৰাই । তেওঁ পুনৰ কয় যে শক্তিশালী ৰাষ্ট্ৰীয়তাবাদী তথা আপোচকামী দল অবিহনে কেতিয়াও মহাজোঁট গঠন হ'ব নোৱাৰে । এ আই ইউ ডি এফক বাদ দি কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গঠন কৰিব বিচৰা মহাজোঁটক অনৰ্থক আখ্যা তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ।

ইফালে, ৰাজ্যত বাৰে বাৰে ফাদিল হৈ থকা মেট্ৰিকৰ প্ৰশ্নকাকত সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে অন্য ৰাজ্যৰ কথা চিন্তা কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজ্যখনৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব পৰা নাই । লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হেতালি খেলা বুলি তেওঁ মন্তব্য় কৰি কয় যে এয়া চৰম দুৰ্ভাগ্যজনক কথা ।

শেহতীয়াকৈ ৰাজ্য চৰকাৰে দাখিল কৰা বাজেট সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । সাধাৰণ মানুহক উপকৃত কৰিব পৰা কোনো বাজেট দাখিল কৰা নাই বুলি তেওঁ মন্তব্য় কৰি বাজেটত নিবনুৱাক সংস্থাপনৰ কথা উল্লেখ নাই বুলি কয় । বাজেটত অসমৰ ৰাইজক আভুৱা ভৰা হৈছে বুলিও কটাক্ষ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই । এই বাজেটখনক ভুৱা আৰু পৰনিৰ্ভৰশীল বাজেট আখ্যা দি ফাঁকিবাজ বাজেটে অসমৰ উন্নয়ন সাধিব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক:Amrit Sarovar in Majuli: অমৃত সৰোবৰৰ মাটি বিক্ৰী কৰিলে অসাধু ব্যৱসায়ীয়ে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.