ETV Bharat / state

টিংখাঙৰ এটি কণমানিৰ কঠোৰ জীৱন সংগ্ৰাম... - দিৰৈগ্ৰান্ট বি ব্লক প্ৰাথমিক বিদ্যালয়

টিংখাঙৰ পিঠাগুটি পঞ্চায়তৰ অন্তৰ্গত ৩১ নং দিৰৈগ্ৰাণ্ট বি ব্লক গাঁৱৰ এটি শিশুৰ কঠোৰ জীৱন সংগ্ৰাম ৷ পখিলা খেদা বয়সতে পৰিয়ালৰ সমষ্ট দায়িত্ব বহন কৰিবলগা হৈছে শিশুটিয়ে ৷

tragic-life-struggle-of-a-child-at-tingkhang
টিংখাঙৰ এটা কণমানিৰ কঠোৰ জীৱন সংগ্ৰাম
author img

By

Published : Jul 25, 2021, 9:54 PM IST

টিংখাং, 25 জুলাই : টিংখাঙৰ এটা কণমানিৰ কঠোৰ জীৱন সংগ্ৰাম ৷ আনৰ বাগিচাত কেঁচা চাহপাত চিঙি পোৱা টকাৰে পৰিয়ালটোৰ বাবে দুবেলা-দুমুঠি যোগাৰ কৰি আহিছে কণমানিটোৱে ৷ এই 10 বছৰীয়া শিশুটি টিংখাঙৰ পিঠাগুটি পঞ্চায়তৰ অন্তৰ্গত ৩১ নং দিৰৈগ্ৰাণ্ট বি ব্লক গাঁৱৰ চেপা মুড়াৰ পুত্ৰ সুৰজ মুড়া ৷ শিশুটিৰ কঠোৰ জীৱন সংগ্ৰামে চুই যাব আপোনাকো ৷

কেইবছৰমান পূৰ্বে নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গৈছে শিশুটিৰ মাকক ৷ পিতৃও ৰুগীয়া ৷ যাৰ বাবে এতিয়া এক দায়িত্বশীল পুত্ৰ হিচাপে ঘৰৰ সমস্ত দায়িত্ব মূৰ পাতি লৈছে শিশুটিয়ে ৷ এটা উৱলি যোৱা ঘৰতে পিতৃৰ সৈতে দুৰ্বিসহ জীৱন পাৰ কৰিছে শিশুটিয়ে ৷

টিংখাঙৰ এটা কণমানিৰ কঠোৰ জীৱন সংগ্ৰাম

মাত্ৰ দহ বছৰীয়া কণমানিটোৱে আনৰ চাহ বাগিচাত কেঁচা চাহপাত চিঙি পোৱা টকা কেইটাৰে দিনটোৰ দুসাঁজৰ ব্যৱস্থা কৰি আহিছে পৰিয়ালটোৰ ৷ তাৰে যদি দুটকা সাঁচিব পাৰিছে, পিতৃৰ চিকিৎসাৰ ব্যৱস্থাও কৰিছে ৷ পুতলাৰে খেলা বয়সতে ভাত ৰন্ধা, ঘৰ পৰিস্কাৰ কৰা, বাচন ধোৱা আদি সমস্ত কাম অকলে কৰি আহিছে দুৰ্ভগীয়া শিশুটিয়ে ।

ইফালে সভ্যতাৰ উত্তৰণৰ এই সময়তো নাদৰ পানী খাই এক অস্বাস্থ্যকৰ পৰিৱেশত দুৰ্বিসহ জীৱন-যাপন কৰা এই দুৰ্ভগীয়া পৰিয়ালটোৱে আজিলৈকে নাপালে এটা চৰকাৰী আৱাসগৃহ অথবা এটা দমকল ৷ দিৰৈগ্ৰাণ্ট বি ব্লক প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ সুৰজৰ শৈক্ষিক জীৱনটোও এতিয়া যেন অনিশ্চয়তাৰ গৰাহত । সেয়ে দুৰ্ভগীয়া পৰিয়ালটিক এই নৰক যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰি এক সুস্থিৰ জীৱন প্ৰদান কৰিবৰ বাবে চৰকাৰ তথা দল-সংগঠনৰ প্ৰতি আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ পুনৰ তীব্ৰ আন্দোলনৰ হুংকাৰ লাইকা-দধিয়াবাসী ৰাইজৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.