মৰাণ, 14 মে' : লক্ ডাউনৰ সময়ত উপযুক্ত বজাৰৰ অভাৱত কৃষি পথাৰতে গেলি-পচি গৈছে কৃষকৰ উৎপাদিত শস্য ৷ ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহচক্ৰৰ অন্তৰ্গত খোৱাঙৰ ৰঙালাও বজাৰৰ সন্মুখত 4 জন কৃষকে কৰা প্ৰায় 18 বিঘা বিলাহী খেতি গছতে গেলি পচি গৈছে । ফলত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষক কেইজনৰ মাজত ৷
জানিব পৰামতে, অঞ্চলটোৰ প্ৰহ্লাদ শইকীয়া, বিপুল খনিকৰ, অৰুণ দত্ত, গোপাল লৈয়িং নামৰ ব্যক্তি কেইজনে নিজা গাঁঠিৰ ধনেৰে প্ৰায় 5 লাখ 30 হাজাৰ টকা খৰচ কৰি বিলাহীৰ খেতি কৰিছিল ৷ কিন্তু উৎপাদিত বিলাহী সমূহ লহপহকৈ বাঢ়ি অহাৰ সময়তে সমগ্ৰ দেশজুৰি বলবৎ হোৱা লক্ ডাউনৰ বাবে কৃষক কেইজনে বিক্ৰী কৰিব নোৱাৰিলে উৎপাদিত বিলাহী সমূহ ৷
জিলা কৃষি বিভাগৰ বিষয়াই কৃষক কেইজনৰ সমস্যাৰ বুজ লৈ সহায়ৰ প্ৰতিশ্ৰুতি দিছে যদিও আজি পৰ্যন্ত প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে ৷
আনহাতে, এই বৃহৎ অঞ্চলটোত বহু কৃষকে কৰা ৰঙালাও খেতিটো লোকচানৰ সন্মুখীন হৈছে । শতাধিক বিঘা মাটিত উৎপাদন কৰা ৰঙালাও সমূহ সঠিক সময়ত বিক্ৰী কৰিব নোৱাৰাত বাৰীতে গেলি গৈছে ৷
লগতে পঢ়ক : অসম আৰক্ষী সঞ্চালক প্ৰধানৰ শ্ৰীৰামপুৰ স্কেনিং কেন্দ্ৰ আৰু সীমান্তৱৰ্তী নদীপথ