ETV Bharat / state

মঙলবাৰে মৰাণত ৬৫ জনৰ দেহত পোৱা গৈছে ক'ভিড পজিটিভ - স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰ

খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত আজিৰ দিনটোতে ৪৭ জন লোকৰ দেহত ক'ভিড পজিটিভ পোৱা গৈছে । তাৰোপৰি চেপন চাহ বাগিচাত ৭ জন আৰু ভামুনবাৰী চাহ বাগিচাত ১১ জন লোকৰ দেহত কৰ'না পজিটিভ ধৰা পৰাত বাগিচা অঞ্চলটোত সৃষ্টি হৈছে আতংকৰ ।

মঙলবাৰে মৰাণত ৬৫ জনৰ দেহত পোৱা গৈছে ক'ভিড পজিটিভ

author img

By

Published : May 18, 2021, 10:41 PM IST

মৰাণ, 18 মে‘: ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত আজিৰ দিনটোতে ৪৭ জন লোকৰ দেহত ক'ভিড পজিটিভ পোৱা গৈছে । তাৰে খোৱাং স্বাস্থ্য কেন্দ্ৰৰ ৪৬ জন, ১ জন চৰাদেউ জিলাৰ নিৱাসী বুলি জানিব পৰা গৈছে । খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চলটোত আজিৰ দিনটোলৈকে মুঠ ক'ভিড ৰোগী বৃদ্ধি পাই হ’লগৈ ১,২৯৬ গৰাকী ।

আজি অৰ্থাৎ মঙলবাৰৰ দিনটোত পুনৰ চেপন চাহ বাগিচাত ৭ জন আৰু ভামুনবাৰী চাহ বাগিচাত ১১ জন লোকৰ দেহত কৰ'না পজিটিভ ধৰা পৰাত বাগিচা অঞ্চলটোত সৃষ্টি হৈছে আতংকৰ । ক'ভিড আক্ৰান্তসকলক চাহ বাগিচাৰ আইচলেশ্যেচন ৱাৰ্ডত ৰখাৰ লগতে একাংশক হোম আইচলেশ্যনত ৰখা হৈছে ।

চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত এলেকাত আজি ১৯ জন লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে ৷ ইয়াৰে ৮ জন হৈছে ডোমৰ দলং চাহ বগিচাৰ শ্ৰমিক আৰু তেওঁলোকক চাহ বাগিচাৰ স্থাপন কৰা আইছ’লেশ্যন ৱাৰ্ডত ৰখা হৈছে । জানিব পৰা মতে, দেহত ক'ভিড পজিটিভ ধৰা পৰা ইয়াৰে ৮ জন ৰোকং গাঁৱৰ নিবাসী বুলি জানিব পৰা গৈছে ।

আনহাতে পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চলটোত সৰ্বমুঠ ৩১৬ জন লোকৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ । চিকিৎসকে জানিবলৈ দিয়া মতে, আক্ৰান্ত প্ৰায় সকলকে হ’ম আইছ’লেশ্যনত ৰখাৰ ব্যৱস্থা কৰা হৈছে । দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত বৰ্তমানলৈ সৰ্বমুঠ ১,৬১২ জন লোক ক'ভিডত আক্ৰান্ত হৈছে৷ তাৰোপৰি বৃহত্তৰ মৰাণ অঞ্চলত ১৭ জন লোক ক’ভিডত আক্ৰান্তহৈ মৃত্যু মুখত পৰিছে ।

লগতে পঢ়কঃ বিশ্ব উচ্চ ৰক্তচাপ দিৱস ২০২১

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.