ETV Bharat / state

টিংখাঙৰ ডিৰাই চাহ বাগিচাত বিশেষ ব্যৱস্থাৰে ৰেচন প্ৰদান - ল’ক ডাউনৰ মাজতে পুৱাই টিংখাঙৰ ডিৰাই চাহ বাগিচা কতৃপক্ষই পালন কৰে গুৰুত্বপূৰ্ণ ভূমিকা

টিংখাংৰ ডিৰাই চাহ বাগিচাত কৰ’ণাৰ বাবে ৰেচন প্ৰদান কৰিলে অভিনৱ ব্যৱস্থাৰে ৷ সহযোগ কৰিলে আটছা আৰুঅসম চাহ মজদুৰ সংঘ ডিৰাই প্ৰাথমিক গোটে ৷

tinkhong-extra-rule-introduce-by-tea-estate-reson
কৰ’ণাৰ বাবে টিঁংখাংৰ ডিৰাই চাহ বাগিচাত অনন্য ব্যৱস্থাৰে ৰেচন প্ৰদান
author img

By

Published : Mar 29, 2020, 9:35 AM IST

টিংখাং 29 মাৰ্চ: ল’ক ডাউনৰ মাজতে পুৱাই টিংখাঙৰ ডিৰাই চাহ বাগিচা কতৃপক্ষই পালন কৰিল গুৰুত্বপূৰ্ণ ভূমিকা । বাগিচা খনৰ প্ৰধান পৰিচালকৰ উদ্যোগত আটছা ডিৰাই উপ-শাখা আৰু অসম চাহ মজদুৰ সংঘ ডিৰাই প্ৰাথমিক গোটৰ সহযোগত শাৰি পাতি দুই মিটাৰ দূৰত্বত একোটাকৈ বৃত্ত তৈয়াৰ কৰি সেই বৃত্তৰ মাজত থিয় কৰাই তিনিশতাধিকতকৈ অধিক লোকক ৰেচন দিয়াৰ ব্যৱস্থা কৰিছে। যদিও বাগিচাৰ কাম কাজ বন্ধ ৰখা হৈছে তাৰ মাজতে শ্ৰমিক পৰিয়াল সমূহৰ মাজত খাদ্য সংকটে দেখা দিছে ৷

কৰ’ণাৰ বাবে টিঁংখাংৰ ডিৰাই চাহ বাগিচাত অনন্য ব্যৱস্থাৰে ৰেচন প্ৰদান
আনহাতে বাগিচা অঞ্চলৰ গেলামাল ব্যৱসায়ী সকলৰ দোকানত প্ৰয়োজনীয় সামগ্ৰী অভাৱত ৷ চাহ শ্ৰমিক ৰাইজক সামগ্ৰী যোগান ধৰিব নোৱাৰাত বাগিছা অঞ্চলত হাহাকাৰ পৰিবেশৰ সৃষ্টি হোৱা দেখা গৈছে বুলি উল্লেখ কৰি দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা কৰিবৰ বাবে প্ৰশাসনক আহ্বান জনায় আটছাই ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.