ETV Bharat / state

টিংখাঙত অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত ভলীবল প্ৰশিক্ষণ

ডিব্ৰুগড়ৰ টিংখাঙত ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ সহযোগত অইল ইণ্ডিয়া লিমিটেডে ভলীবল প্ৰশিক্ষণৰ আয়োজন কৰিছে । টিংখাঙৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত ৩০ জন প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিছে ছাত্ৰ-ছাত্ৰীসকলক ।

টিংখাঙত অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত ভলীবল প্ৰশিক্ষণ
টিংখাঙত অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত ভলীবল প্ৰশিক্ষণ
author img

By

Published : Apr 9, 2021, 7:24 PM IST

টিংখাং, ৯ এপ্ৰিল: ভলীবল খেলৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ সুবিধাৰ্থে ডিব্ৰুগড়ৰ টিংখাঙত অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত ভলীবল প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে । ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ সহযোগত আয়োজিত এই প্ৰশিক্ষণৰ তত্বৱধানৰ দায়িত্ব অৰ্পণ কৰা হৈছে ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যক ।

টিংখাঙৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ ৩০ জন ভলীবল খেলুৱৈয়ে প্ৰশিক্ষণ প্ৰদান কৰিছে । ব্ৰহ্মপুত্ৰ ভলীবল লীগত হ'বলগীয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰাকৈ গ্ৰাম্য অঞ্চলত ভলীবল দল গঠন কৰিব এই ৩০ জন প্ৰশিক্ষকে ।

টিংখাঙত অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত ভলীবল প্ৰশিক্ষণ

অসম ভলীবল মিছন-১০০ৰ অধীনত অসমত ৫১টা ভলীবল কেন্দ্ৰ স্থাপনৰ পৃষ্ঠপোষকতা কৰি আছে বুলি জানিবলৈ দিয়ে অভিজিৎ ভট্টাচাৰ্যই । এই মিছনে নতুন ভলীবল খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে এক মঞ্চ প্ৰদান কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে ।

লগতে পঢ়ক:COVID-১৯ৰ স্বাস্থ্যবিধি মানি চলিবলৈ নিৰ্দেশ ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.