ETV Bharat / state

টিংখাঙত বিভিন্ন দাবীত পৃথকে পৃথকে প্ৰতিবাদ - Tingkhong AJYCP protest

শুকুৰবাৰে টিংখাঙত বিভিন্ন দাবীত পৃথকে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰে ডিব্ৰুগড় জিলা কোচ ৰাজবংশী সন্মিলনী, আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

Tingkhong protest
টিংখাঙত বিভিন্ন দাবীত পৃথকে পৃথকে প্ৰতিবাদ
author img

By

Published : Oct 3, 2020, 8:33 AM IST

টিংখাং, 3 অক্টোবৰঃ শুকুৰবাৰে টিংখাঙত বিভিন্ন দাবীত পৃথকে পৃথকে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ ৰাজগড়স্থিত টিংখাং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ডিব্ৰুগড় জিলা কোচ ৰাজবংশী সন্মিলনীয়ে ৷ কোচ ৰাজবংশীসকলক অতিশীঘ্ৰে জনজাতিকৰণ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

আনহাতে, SI কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ লগতে এই কেলেংকাৰীৰে জড়িত সকলো ব্যক্তিকে কঠোৰ শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে টিংখাঙৰ ৰাজগড়ত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷

টিংখাঙত কোচ ৰাজবংশী সন্মিলনী, আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ইয়াৰ উপৰিও নাগৰিকত্ব সংশোধনী আইন আৰু EIA 2020 বাতিলৰো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ ৰাজগড়ৰ আছুৰ কাৰ্যালয়ৰ পৰা উলিওৱা এই সমদলত সমষ্টিটোৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোঁৰ লৈ পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক-নতুন ৰাজনৈতিক দলক লৈ হিমন্তৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.