ETV Bharat / state

SI পৰীক্ষাৰ কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবীত টিংখাঙত প্ৰতিবাদ - পৰীক্ষাৰ কেলেংকাৰি

আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবীত ডিব্ৰুগড়ৰ টিংখাঙত সচেতন নাগৰিক মঞ্চৰ বিক্ষোভ প্ৰদৰ্শন । বিধায়ক বিমল বড়াক তদন্তৰ আওঁতালৈ অনাৰ দাবী প্ৰতিবাদকাৰীৰ ।

Tingkhong_protest
Tingkhong_protest
author img

By

Published : Oct 9, 2020, 6:45 PM IST

টিংখাং, ৯ অক্টোবৰ : আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰী চাঞ্চল্য অব্যাহত থকাৰ মাজতে ডিব্ৰুগড়ৰ টিংখাঙত সচেতন নাগৰিক মঞ্চই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । SI পৰীক্ষাৰ কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে । লগতে বিধায়ক বিমল বড়াক তদন্তৰ আওঁতালৈ অনাৰ দাবী জনায় । টিংখাঙৰ ৰাজগড়ত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, 'কা' বিৰোধী ঐক্য মঞ্চ, যুৱ কংগ্ৰেছ আৰু চি পি আই এম (এল)ৰ নেতা-কৰ্মীয়ে ।

Tingkhong_protest
SI পৰীক্ষাৰ কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবীত টিংখাঙত প্ৰতিবাদ

সচেতন নাগৰিক মঞ্চৰ সাধাৰণ সম্পাদক ৰাহুল সুত বংশীয়ে আঁত ধৰা ধৰ্মঘট কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মধুৰাম গগৈ, টিংখাঙৰ 'কা' বিৰোধী ঐক্য মঞ্চৰ সভাপতি যাদৱ গগৈ, আ ন পা ৰ কেন্দ্ৰীয় সম্পাদক বলদেৱ তেলী, চি পি আই এম (এল)ৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতোপণ বকলীয়ালে অংশ গ্ৰহণ কৰে । প্ৰতিবাদকাৰীৰ দাবী সম্পৰ্কত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে । নবগঠিত সাম্প্ৰদায়িকতাবাদ, স্বৈৰাচাৰী আৰু দুৰ্নীতি বিৰোধী সচেতন নাগৰিক মঞ্চই আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰীৰে জড়িত দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনায়।

লগতে পঢ়ক:গুৱাহাটীৰ ভায়লিনাৰ গীতত দেখা যাব শত্ৰুঘ্ন সিন্হা আৰু সোনাক্ষী সিন্হাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.