টিংখাং,29 অক্টোবৰ : টিংখাঙত বুধবাৰে বিজেপি কৰ্মী য়ে তাণ্ডৱ সৃষ্টি কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে পুনৰ টিংখাঙৰ ৰাজগড়ত বিজেপিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল সংগঠনে । টিংখাঙৰ ৰাজগড়স্থিত চিপিআইএমৰ কাৰ্যালয়ৰ সন্মুখত চিপিআইএমএলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলীন্দ্ৰ শইকীয়া আৰু ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতোপন বকলীয়ালে ৩৬ ঘণ্টীয়া অনশন কাৰ্যসূচী হাতত লৈছিল। গণতান্ত্ৰিক ভাৱে দুই চিপিআইএমএল নেতাই এচ আই কেলেংকাৰীত নাম সাঙোৰ খোৱা টিংখাঙৰ বিধায়ক বিমল বৰাকো তদন্তৰ আওতালৈ অনাৰ দাবীৰে শান্তিপূৰ্ণ অনশন কাৰ্যসূচী গ্ৰহণ কৰিছিল ।
বুধবাৰে হঠাৎ বিজেপি যুৱ মৰ্চাৰ একাংশ সদস্যৰ লগতে শতাধিক বিজেপি সমৰ্থকে অনশন স্থলীত উপস্থিত হৈ অনশন কাৰ্যসূচী উঠাই ল'বলৈ দাবী কৰাৰ লগতে অনশন স্থলী ভাঙি লণ্ড ভণ্ড কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। গণতান্ত্ৰিক পন্থাৰে শান্তিপূৰ্ণ অনশনকাৰীৰ ওপৰত জপিয়াই পৰা বিজেপি সৰ্মথক সকলৰ বিৰুদ্ধে গৰজি উঠে টিংখাঙৰ বিভিন্ন দল সংগঠনে। বৃহস্পতিবাৰে টিংখাঙৰ ৰাজগড়ত এই কাৰ্যৰ বিৰোধিতা কৰি বিজেপিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দল সংগঠন সমূহৰ লগতে কংগ্ৰেছ কৰ্মী সকলেও । বিজেপি কৰ্মী সকলৰ এনে কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক গ্ৰেপ্তাৰ কৰা আৰু এছ আই কেলেংকাৰীৰ ন্যায়িক তদন্ত কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক: গোলাঘাটৰ ৰাজপথত আৰক্ষীৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন