টিংখাং, 18 জানুৱাৰীঃ টিংখাঙত অব্যাহত আছে "CAA" বিৰোধী আন্দোলন । চহৰৰ পৰা গাঁৱে গাঁৱে সম্প্ৰসাৰিত হৈছে আন্দোলনৰ ধাৰা । শনিবাৰে টিংখাঙৰ বৃহত্তৰ বাঘমৰাবাসী ৰাইজে গ্ৰহণ কৰে এক ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী। বৃহত্তৰ অঞ্চলটোৰ কেইবাটাও নামঘৰৰ ৰাইজ সমবেত হৈ পৰম্পৰাগত সাজেৰে বাঘমৰা বৰ নামঘৰৰ প্ৰাংগণত ডবা-কাঁহ, ঢোল-পেপা, আয়তীৰ উৰুলিৰে "CAA" বিৰোধী প্ৰতিবাদী সমদল উলিয়াই ।
এই সমদলত বাঘমৰা বৰনামঘৰ, বাঘমৰা মাজুখেল নামঘৰ, বাঘমৰা সৰুখেল নামঘৰ আৰু খনিকৰ গাঁৱৰ নামঘৰৰ ভকত সকলৰ লগতে আয়তীসকলেও "CAA" বিৰোধী শ্লোগানেৰে সমগ্ৰ টিংখাং কপাই তোলে ৷ লগতে "CAA"বাতিল নোহোৱা পৰ্য্যন্ত এই সকল লোকে আন্দোলন অব্যাহত ৰাখিব বুলি সকিয়াই দিয়ে ৷
লগতে পঢ়কঃ শীঘ্ৰেই ভাৰতে লাভ কৰিব S-400 এয়াৰ ডিফেন্স ক্ষেপনাস্ত্ৰ