টিংখাং,16মাৰ্চ: চমু চাপি আহিছে ৰাজ্যৰ বিধানসভা নিৰ্বাচন ৷ তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ লগতে প্ৰাৰ্থীসকলৰ কিন্তু তেনে সময়তে টিংখাঙত দেখা পোৱা গ'ল এক বিশেষ দৃশ্য ৷ যোৱা পাঁচটা বছৰত টিংখাং সমষ্টি উন্নয়নৰ হকে আগবঢ়োৱা অৱদানৰ বাবেই পুনৰ আকৌ এবাৰ বিমল বৰাক বিধায়ক হিচাপে নিৰ্বাচিত হোৱাটো কামনা কৰিছে টিংখাঙৰ ৰাইজে । যাৰ বাবে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত থকা নামঘৰ, মন্দিৰ, গীৰ্জা, দেওশাল আদি বিভিন্ন ধৰ্মীয় উপাসনা অনুষ্ঠান সমূহত একেদিনাই ৰাইজে মাহ-প্ৰসাদেৰে নৈবদ্য আগবঢ়ায় ৷
আনহাতে, নিজৰ কৰ্ম দক্ষতা আৰু সমাজ জীৱনৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেই হয়টো টিংখাঙৰ ৰাইজৰ হৃদয়ত স্থান পাবলৈ সক্ষম হোৱা বিধায়ক বিমল বৰা দ্বিতীয় বাৰৰ বাবে পুনৰ বিধানসভালৈ যোৱা পথ প্ৰায় প্ৰশস্ত হৈ পৰিছে বুলি একপ্ৰকাৰ ক'ব পৰা যায় ।
লগতে পঢ়কঃঅখিল গগৈৰ মাতৃক সাক্ষাৎ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ