টিংখাং, 13 ফেব্ৰুৱাৰী: বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া নিজ নিজ সমষ্টিত ব্যস্ত হৈ পৰিছে বিধায়কসকল । ৰাইজক আকৰ্ষণ কৰিবলৈ সমষ্টিৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ কাম আৰম্ভ কৰিছে বিধায়কসকলৰ লগতে অন্যান্য নেতা-পালিনেতাসকলে । ডিব্ৰুগড় জিলাৰ টিংখাঙতো শুকুৰবাৰে লেঙেৰী আৰু নখাট পঞ্চায়তত নামঘৰ আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত কেইবাটাও আধাৰশিলা স্থাপন কৰা হয় । লেঙেৰী ডিব্ৰুৱাল গাঁও হৰি মন্দিৰ, উজনি নামদাং গাঁৱৰ প্ৰেক্ষাগৃহ, মেছলৌ ভৰালী টঙীয়া প্ৰাথমিক বিদ্যালয়, ভৰালীবাৰী মাছ আলিৰ আধাৰশিলা স্থাপন কৰে টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাৰ প্ৰতিনিধিসকলে ৷
বিধায়কগৰাকীৰ আন্তঃগাঁঠনিৰ আছুতীয়া পুঁজিৰে নিৰ্মাণ কৰা হ’ব এই আঁচনিৰ অধীনষ্ঠ কামসমূহ । উক্ত অনুষ্ঠানত উপস্থিত থাকে লেঙেৰী মণ্ডলৰ সভাপতি প্ৰদ্যুৎ দত্ত, খোৱাং জিলা পৰিষদৰ সদস্য চন্দন চাকুচাৰু দেউৰী, বিধায়কৰ প্ৰতিনিধি তথা দুয়োটা মণ্ডলৰ সংযোগক দুলাল বৰা, লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় অৱসৰপ্ৰাপ্ত শিক্ষক শশী গগৈৰ লগতে লেঙেৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী স্বপ্না গগৈ আৰু নখাট পঞ্চায়তৰ সভানেত্ৰী ।
লগতে পঢ়ক : নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড: জাহ গ’ল 15 টা বাসগৃহ