টিংখাং, 28 ডিচেম্বৰ : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নৱ নিৰ্বাচিত সহকাৰী যুটিয়া সম্পাদক গিৰীণ চুতীয়াক টিংখাঙৰ ৰাজগড়ত উষ্ম আদৰণি জনোৱা হয় । গিৰীণ চুতীয়াই ৰাজগড়ত আহি পোৱাৰ লগে লগেই পোন প্ৰথমে তেওঁ শ্বহীদ বেদীত এগছি বন্তি প্ৰজ্বলন কৰি শ্বহীদক সেৱা জনায় । ইয়াৰ পিছতে ৰাজগড় আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টিংখং আঞ্চলিক সমিতি, টিংখাং আছু,অসম জাতীয় পৰিষদ আদি বিভিন্ন দল সংগঠনে গামোচা, জাপিৰে আদৰণি জনায় ।
তদুপৰি নৱ নিৰ্বাচিত যুটিয়া সম্পাদক গৰাকীয়ে জাতিটোৰ বাবে কাম কৰি যোৱাৰ কথা কোৱাৰ ওপৰিও জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন কেতিয়াও মানি লোৱা নহ'ব বুলিও মত প্ৰকাশ কৰে ।
লগতে পঢ়ক: মাটিৰ পট্টা বিচাৰি গোগামুখ কঁপালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে