টিংখাং, 8 মে': বিশ্বত এতিয়া কৰ'ণাতংক । কৰ'ণাতংকৰ বাবে অব্যাহত থকা লক ডাউনৰ মাজতে ৰাজ্যত এতিয়া মৃত্যু হৈছে পোহনীয়া গাহৰিৰ। যাৰ বাবে চিন্তিত হৈ পৰিছে টিংখাঙৰ গাহৰি পালক সকলক । অসমৰ কেইবাখনো জিলাত অস্বাভাৱিক ভাৱে আফ্ৰিকান ছোৱাইন ফিভাৰৰ ৰোগত গাহৰিৰ মৃত্যু হোৱাৰ লগতে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ, ন শ্ৰীপুৰীয়া, লেঙেৰী, ন-খাটকে ধৰি বিভিন্ন গাঁৱত বিগত কিছুদিন ধৰি বহুটো গাহৰিৰ মৃত্যুৰ হয় ।
ইয়াৰ বাবে এতিয়া শংকিত হৈ পৰিছে গাহৰি পালক সকলক । এই সমূহ গাহৰিৰ মৃত্যুৰ কাৰণ আফ্ৰিকান ছোৱাইন ফিভাৰ বুলি নিশ্চিত নহয় যদিও গাহৰি পালক সকলক উদ্বিগ্ন হৈ পৰিছে ।
উল্লেখযোগ্য যে, গ্ৰাম্য অঞ্চলৰ ৰাইজে গাহৰি পালন কৰি পৰিয়াল পোহপাল কৰাৰ লগতে বহু নিবনুৱাই গাহৰি পালন কৰি স্বাৱলম্বী হৈ আছে । বৰ্তমান গ্ৰাম্য অঞ্চলত গাহৰিৰ অস্বাভাৱিক ভাৱে মৃত্যু হোৱাত চিন্তিত হৈ পৰিছে পালক সকল ।
কিন্তু ইমানৰ পাছতো পশুপালন বিভাগৰ ফালৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে গাহৰি পালক সকলে । যদিহে সময় থাকোতে বিশেষ পদক্ষেপ গ্ৰহণ নকৰে তেন্তে গাহৰি পালকসকল সংকটত পৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে ।