টিংখাং,30জানুৱাৰী : শনিবাৰে টিংখাঙৰ ৰাজগড়ত অনুষ্ঠিত হয় এক বিশাল সভা ৷ এই সভাতে ৪৩৭০ টা খিলঞ্জীয়া ভূমিহিন পৰিয়াললৈ ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰা হয় ৷
23 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 1লাখ 6হাজাৰ ভূমি পট্টাহীন খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল ৷ সেই মৰ্মে শনিবাৰে টিংখাঙৰ ৰাজগড়ত অনুষ্ঠিত কৰা হয় এই সভা ৷
যুগ যুগ ধৰি মাটি পট্টা অবিহনে ভূমিহীন পৰিয়াল হিচাপে বসবাস কৰি অহা পৰিয়াল সমূহে, অৱশেষত মাটিৰ পট্টা আৰু আৱণ্টন পত্ৰ লাভ কৰি অতিশয় আনন্দিত হৈ পৰিছে ৷
শাসনাধীস্থ চৰকাৰৰ এই পদক্ষেপক সহাঁৰি জনাইছে শনিবাৰে ভূমি পট্টা লাভ কৰা এই পৰিয়াল সমূহে ৷
ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণৰ এই কাৰ্যসূচীত উপস্থিত থাকে ভূমি আৰু ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা, বিধায়ক বিমল বৰা, গোৰ্খা উন্নয়ন পৰিষদৰ সভাপতি প্ৰেম কুমাৰ তামাং, গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন ছেত্ৰী, টিংখাঙৰ জিলা পৰিষদ সদস্য, গাওঁ পঞ্চায়তৰ সভাপতি সকলৰ লগতে দলীয় কাৰ্যকতা সকল ৷
এই অনুষ্ঠানৰ আঁত ধৰে টিংখাং ৰাজহ চক্ৰ বিষয়া লক্ষ্যজিৎ দুৱৰীয়াই ৷
লগতে পঢ়ক : গো-মাফিয়া আদম আলীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ