টিংখাং,15 এপ্ৰিল: টিংখাঙৰ বিধায়ক বিমল বড়াৰ মহানুভৱতা ৷ ক'ৰণা মহামাৰীৰ বাবে সমগ্ৰ দেশজুৰি বাবে লক ডাউন অব্যাহত থকাৰ সময়তে নিজ সমষ্টিৰ আৰ্থিক ভাৱে দুৰ্বল 900 পৰিয়ালৰ মাজত অন্ন,বস্ত্ৰ আৰু আৰ্থিক সাহাৰ্য প্ৰদান কৰি বিহু উপলক্ষে ৰাজহুৱাকৈ ৰাইজৰ ওচৰত সেৱা লৈ আশীৰ্বাদ গ্ৰহণ কৰে বিধায়ক গৰাকীয়ে ৷ অসমীয়াৰ চেনেহৰ বাপতি সাহোন ৰঙালী বিহুত ৰাজহুৱাকৈ ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰি মানৱ ধৰ্ম পালন কৰিছে টিংখাঙৰ বিধায়ক বিমল বড়াই ৷
উল্লেখ্য যে সকলো প্ৰত্যাহ্বান নেওচি ক'ৰণা ভাইৰাছক সামূহিক শক্তিৰে পৰাজিত কৰিবলৈ দৃঢ় সংকল্পবদ্ধ হ'বলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় বিধায়ক গৰাকীয়ে ৷
লগতে পঢ়কঃ ধিঙত চৰকাৰী সাহাৰ্য বিতৰণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ