ETV Bharat / state

পৰম্পৰাগতভাৱে গৰু বিহু পালন কৰিলে টিংখাঙৰ বিধায়ক বিমল বৰাই

author img

By

Published : Apr 14, 2021, 9:48 AM IST

প্ৰতিবছৰে প্ৰতিজন অসমীয়াই গৰুক গা ধুৱাই উদযাপন কৰি আহিছে গৰু বিহু ৷ বাপতিসাহোন ব'হাগ বিহু উপলক্ষে উজনিৰ পৰা নামনিলৈ দেখিবলৈ পোৱা গৈছে আনন্দ উচাহ ৷ স্থানীয় একাংশ ৰাইজৰ সহযোগত পৰম্পৰাগতভাৱে গৰুক গা ধুৱাই গৰু বিহু পালন কৰিলে টিংখাঙৰ বিধায়ক বিমল বৰাই ।

পৰম্পৰাগত ভাৱে গৰু বিহু পালন কৰিলে টিংখাঙৰ বিধায়ক বিমল বৰাই

টিংখাং,14 এপ্ৰিল : আজি গৰু বিহু ৷ অসমীয়াৰ প্ৰাণৰো প্ৰাণ, বাপতিসাহোন ব'হাগ বিহু উপলক্ষে উজনিৰ পৰা নামনিলৈ দেখিবলৈ পোৱা গৈছে আনন্দ উচাহ ৷ পূৰ্বৰ পৰম্পৰা অনুসৰি গৰুৰ গাত মাহ-হালধি সানি দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খোৱাই গোহালীৰ গৰু কেইটাৰ দীৰ্ঘায়ু লগতে ন-শক্তি কামনা কৰি অসমীয়াই পালন কৰি আহিছে গৰু বিহু ৷

প্ৰতি বছৰৰ দৰে গো-দেৱতাৰ প্ৰতি সন্মান জনাই সমগ্ৰ ৰাজ্যজুৰি গৰু বিহু উদযাপন কৰিছে কৃষিজীৱী অসমীয়াই । পৰম্পৰা ৰক্ষা কৰি টিংখাঙৰ কমাৰচুক গাঁওবাসীয়েও সমূহীয়াকৈ গৰু গা ধুৱালে ৷ গাঁওবাসীৰ লগত টিংখাঙৰ বিধায়ক বিমল বৰাই অংশগ্ৰহণ কৰি আনন্দ স্ফূতি কৰা দেখিবলৈ পোৱা গ'ল। অঞ্চলটোৰ পুৰুষ-মহিলা, ল'ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৱে উদযাপন কৰিলে অসমীয়াৰ হিয়াৰ আমঠু বাপতি সাহোন গৰু বিহু ৷

লগতে পঢ়ক:গৰু বিহু পালন কৰিলে বিধায়ক মৃণাল শইকীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.