ডিব্ৰুগড়, 28 ছেপ্টেম্বৰ : বন মাফিয়াৰ কবলত পৰি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড়ৰ কেইবাখনো সংৰক্ষিত বনাঞ্চল ধ্বংসৰ গৰাহত পৰিছে ৷ একাংশই দিনে নিশাই বনাঞ্চলৰ মূল্যৱান গছ কাটি চলাই আহিছে ৰমৰমীয়া কাঠৰ ব্যৱসায় ৷ এই ক্ষেত্ৰত বন বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাত ব্যস্ত হোৱাৰ পাছতেই চোৰাং কাঠ মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ অৰ্থনীতি অপৰাধ তদন্তকাৰী সংস্থাই অভিযান আৰম্ভ কৰিছে ৷
বৃহস্পতিবাৰে ডিব্ৰুগড়ত ৰাজ্য চৰকাৰৰ অৰ্থনীতি অপৰাধ তদন্তকাৰী সংস্থাৰ অভিযান ৷ পাঁচজনীয়া অভিযানকাৰী দলে বৃহস্পতিবাৰে পুৱাৰ ভাগৰে পৰা লাহোৱালৰ ৰহমৰীয়া অঞ্চলত অভিযান চলাই দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ব্যক্তি দুজনৰ নাম পিংকু দাস আৰু ধনটি দাস বুলি জানিব পৰা গৈছে ৷
ডিব্ৰু - ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গোপনে বন বিভাগৰ লগত মিতিৰালি কৰি চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ এই দুই অভিযুক্তৰ বিৰুদ্ধে ৷ গুৱাহাটীৰ পৰা অহা ৰাজ্য চৰকাৰৰ অৰ্থনীতি অপৰাধ তদন্তকাৰী সংস্থাই বৃহস্পতিবাৰে পুৱাৰ ভাগৰে পৰা অভিযান চলাই পলাতক অৱস্থাত থকা এই দুটা অভিযুক্তক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ যায় ৷
উল্লেখযোগ্য যে কেইটামান দিনৰ পূৰ্বে চাবুৱা ৰাজহ চক্ৰৰ ৰহমৰীয়াত অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাই তীব্ৰ অভিযান চলাইছিল ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে চলাইছিল অভিযান ৷ সংস্থাৰ উপ-অধীক্ষক মঞ্জু আহমেদৰ নেতৃত্বত চলা অভিযানত বৃহৎ পৰিমাণৰ কাঠ আৰু কাঠ ফলা মিল জব্দ কৰিছিল দলটোৱে ৷ কিন্তু কোনো লোকক সেই দিনটোত আটক কৰিবলৈ সক্ষম হোৱা নাছিল যদিও বৃহস্পতিবাৰে অৰ্থনীতি অপৰাধ তদন্তকাৰী সংস্থাই আটক কৰিলে দুটাকৈ চোৰাং কাঠ মাফিয়া ৷
লগতে পঢ়ক : Barak Valley: বৰাকত অসমীয়া ভাষাক অস্তিত্বহীন কৰি অৱশিষ্ট দুই শতাধিক শিক্ষকক বদলিৰ সিদ্ধান্ত