মৰাণ,10 ছেপ্তেম্বৰ: মৰাণৰ নিকটৱৰ্তী চেপন চাহ বাগিছাত বৃহস্পতিবাৰে পুৱাৰ ভাগত এটা বাঘ পিঞ্জৰাবদ্ধ হয় ৷ খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চেপন চাহ বাগিছাত দীৰ্ঘদিনৰ পৰা বাঘে মুক্ত বিচৰণ কৰি থকাৰ বিষয়ে স্থানীয় ৰাইজে অৱগত কৰিছিল বন বিভাগক ৷ সেই অনুসৰি বন বিভাগৰ তৰফৰ পৰা সেই অঞ্চলটোত স্থাপন কৰা হৈছিল পিঞ্জৰা ৷ বৃহস্পতিবাৰে পিঞ্জৰাবদ্ধ হোৱা বাঘটো এটা প্ৰাপ্ত বয়স্ক বাঘ বুলি জানিবলৈ দিয়ে বিভাগীয় কৰ্তৃপক্ষই ৷ পিঞ্জৰাবদ্ধ বাঘটোক সম্প্ৰতি খোৱাং আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লৈ নিয়া হৈছে ৷ বন বিভাগৰ লোকে উল্লেখ কৰা অনুসৰি মৰাণৰ সীমামুৰীয়া প্ৰায় সমূহ গাঁৱৰ লগতে চাহ বাগিছাতে বাঘ ওলায় ৷
মৰাণৰ চেপন চাহ বাগিছাত বাঘ পিঞ্জৰাবদ্ধ - বাঘ
বহস্পতিবাৰে পুৱা মৰাণৰ নিকটৱৰ্তী চেপন চাহ বাগিছাত এটা বাঘ পিঞ্জৰাবদ্ধ হয় ৷ বন বিভাগৰ তৰফৰ পৰা সেই অঞ্চলটোত স্থাপন কৰা পিঞ্জৰাত আবদ্ধ হয় বাঘটো ৷