ETV Bharat / state

ডিব্ৰুগড় চহৰত বাঘৰ আতংক - leopard

ডিব্ৰুগড় চহৰত বাঘৰ আতংকত সন্ত্ৰস্ত নগৰবাসী ৰাইজ । চহৰৰ মাজমজিৰ পাঁচআলিত হঠাৎ প্ৰৱেশ কৰা প্ৰাপ্তবয়স্ক এটা নাহৰফুটুকী বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰে ওৰেটো দিন । বাঘৰ আক্ৰমণত আহত এজন ৷

ডিব্ৰুগড় চহৰত বাঘৰ আতংক
author img

By

Published : Aug 22, 2019, 10:34 PM IST

ডিব্ৰুগড়, 22 আগষ্টঃ জনাঞ্চলত আৱিৰ্ভাৱ হোৱা এটা নাহৰফুটুকী বাঘক লৈ ডিব্ৰুগড় চহৰত বৃহস্পতিবাৰে ওৰেটো দিন উত্তেজনাই বিৰাজ কৰে৷ চহৰখনৰ মাজমজিয়াৰ পাঁচআলিত হঠাৎ বনাঞ্চলৰ পৰা আহি উপস্থিত হোৱা নাহৰফুটুকীটোক দেখা পাই সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় হুৱা-দুৱাৰ ৷ জনসমাগমত আতংকিত হৈ বাঘটোৱে ৰমেন ঘোষ নামৰ এজন লোকৰ ঘৰত কোনো নথকা অৱস্থাত এখন খিৰিকীৰে প্ৰৱেশ কৰি আশ্ৰয় গ্ৰহণ কৰে । আৰক্ষী আৰু বন বিভাগৰ লোকে নাহৰফুটুকীটোক পিঞ্জৰাবদ্ধ কৰিবলৈ কেইবাবাৰো চেষ্টা কৰি ব্যৰ্থ হয় ৷ অৱশেষত তিনিচুকীয়া গুইঁজানৰ পৰা বাঘ ট্ৰেংকুইলাইজ কৰাৰ বাবে বিশেষজ্ঞ দল আহি দুপৰীয়া প্ৰায় দুই বজাত পাঁচআলিত উপস্থিত হয়।

পশু চিকিৎসক খনিন চাংমাই নেতৃত্বত অহা বিশেষজ্ঞ দলে অৱশেষত বিয়লি প্ৰায় 4 বাজি 30 বজাত নাহৰফুটুকীটোক অচেতন কৰিবলৈ সক্ষম হয় । আনহাতে ডিব্ৰুগড় জিলাৰ বিভিন্ন বাগান আৰু গ্ৰাম্য অঞ্চলত বাঘৰ সচৰাচৰ বিচৰণ পৰিলক্ষিত হোৱাৰ পাছতো ডিব্ৰুগড় জিলা বন বিভাগৰ হাতত বাঘক অচেতন কৰা ট্ৰেংকুইলাইজাৰ নথকাৰ বাবে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

Intro:এইবাৰ ডিব্ৰুগড় চহৰ বাঘৰ আতংকত ত্ৰস্তমান।
চহৰৰ মাজমজিৰ পাঁচ আলিত হঠাৎ প্ৰবেশ কৰা প্ৰাপ্তবয়স্ক এটা নাহৰফুটুকী বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰে ওৰেটো দিন। আক্ৰমণ কৰে এজন লোকক।
Byte:আহত

লক্ষীন্দ্ৰ ৰায় নামৰ এজন লোক বাঘৰ আক্ৰমণত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন।জনাঞ্চলত আবিৰ্ভাৱ হোৱা নাহৰ ফুটুকী বাঘটো দেখি সমগ্ৰ অঞ্চলটোত হোৱা-দোৱাৰ সৃষ্টি হয়।বাঘ দেখি অঞ্চলটোত অগণন লোকৰ সমাগম হোৱাত বাঘে আতংকিত হৈ ৰমেন ঘোষ নামৰ এজন লোকৰ ঘৰত প্ৰবেশ কৰে।সেই সময়ত ৰমেন ঘোষৰ বাসগৃহত কোনো নথকাত তলাবন্ধ ঘৰটোত এখন খিৰিকীৰে ভিতৰত প্ৰবেশ কৰি আশ্ৰয় গ্ৰহণ কৰে।

Byte:-স্থানীয় ৰাইজ।

ইপিনে পুৱাৰ পৰা আতংকৰ সৃষ্টি কৰি থকা বাঘটো ডিব্ৰুগড়ৰ বন বিভাগ আৰু আৰক্ষীৰ এটা বৃহৎ দলে ধৰিবলৈ চেষ্টা চলাই। কেইবাঘণ্টা ঘৰৰ ভিতৰত থকা বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ অহুপুৰুষাৰ্থ চেষ্টা কৰে যদিও সফল নহয়।অৱশেষত তিনিচুকীয়া গুইজানৰ পৰা বাঘ ট্ৰেংকুইলাইজ কৰাৰ বাবে বিশেষজ্ঞ দল আমন্ত্ৰণ কৰাত দুপৰীয়া প্ৰায় দুই বজাত পাচআলিত উপস্থিত হয়।দলটোৱে বাঘটো চিকিৎসক খনিন চাংমাই নেতৃত্বত অহা বিশেষজ্ঞ দলে ট্ৰেংকুইলাইজ কৰাৰ বাবে বহু প্ৰচেষ্টা অব্যাহত ৰাখি অৱশেষত বিয়লি প্ৰায় ৪-৩০ বজাত অচেতন কৰিবলৈ সক্ষম হয়।

Byte:বিষয়া

অচেতন কৰাৰ পাছত প্ৰায় ৯ ঘণ্টা জোৰা শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অৱসান ঘটে।

আনহাতে বাঘটো উদ্ধাৰৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ বনবিভাগৰ দল বিফল হোৱাটো লক্ষ্যণীয়।
।ডিব্ৰুগড়ত বনবিভাগৰ হাতত নাই কোনো ট্ৰেঙকুইলাইজাৰ পদ্ধতি আৰু বনবিভাগৰ বিশেষজ্ঞ।তিনিচুকীয়া গুইজানৰ পৰা অহা বনবিভাগৰ দলেহে কেইবাঘণ্টাৰ অন্তত বাঘটো ট্ৰেংকুইলাইজ কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ডিব্ৰুগড় জিলাৰ বিভিন্ন বাগান আৰু গাম্য অঞ্চলত সঘনাই বাঘৰ উপদ্ৰপ সৃষ্টি হয় যদিও ডিব্ৰুগড় বন বিভাগৰ হাতত বাঘ ধৰাৰ বাবে বা ট্ৰেংকুইলাইজাৰ কৰাৰ পদ্ধতি নথকাৰ বাবে স্হানীয় ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Byte:-স্থানীয় ৰাইজ।
Continue Byte.

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.