ETV Bharat / state

দুলীয়াজানত ড্ৰাগছ ব্যৱসায়ত নামিল অধিবক্তা - heroin

ড্ৰাগছ(Drugs)ৰ বিৰুদ্ধে অভিযান চলাই অধিবক্তাসহ তিনিজনক আটক কৰিছে দুলীয়াজান আৰক্ষীয়ে ৷ আটকাধীন ড্ৰাগছ ব্যৱসায়ী কেইজন হৈছে চৈতেন্দ্ৰ বৰুৱা, বিতুপন মৰাণ আৰু ঔম প্ৰকাশ বৰুৱা ৷

দুলীয়াজানত ড্ৰাগছ ব্যৱসায়ত নামিছে অধিবক্তা

author img

By

Published : Jun 17, 2021, 11:10 PM IST

মৰাণ, 17 জুন : ড্ৰাগছ(Drugs)ৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষীৰ অভিযান । অভিযানত আটক হৈছে এগৰাকী অধিবক্তাসহ তিনিজন । আটকাধীন অধিবক্তাগৰাকী হৈছে ডিগবৈ বঙালী বালিজান গাঁৱৰ প্ৰয়াত নিৰ্মল চন্দ্ৰ বৰুৱাৰ পুত্ৰ চৈতেন্দ্ৰ বৰুৱা ৷ ইয়াৰো পৰি আটক হৈছে ডিগবৈ মাকুম বৰতৰানী গাঁৱৰ ভদ্ৰেশ্বৰ মৰাণৰ পুত্ৰ বিতুপন মৰাণ আৰু দুলীয়াজান কৃষ্ণ নগৰৰ পৰমা বৰুৱাৰ পুত্ৰ ঔম প্ৰকাশ বৰুৱা ।

দুলীয়াজানত ড্ৰাগছ ব্যৱসায়ত নামিছে অধিবক্তা

প্ৰথমে আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি দুলীয়াজানৰ ঔম প্ৰকাশ বৰুৱাক আটক কৰে । আটকাধীন যুৱকজনে আৰক্ষীক প্ৰদান কৰা স্বীকাৰোক্তি অনুসৰি ডিগবৈ আৰু মাকুমত অভিযান চলাই অধিবক্তাসহ দুজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

আটকাধীন অধিবক্তাজনৰ কৱলৰ পৰা আৰক্ষীয়ে হেৰ’ইন(heroin) সহ ড্ৰাগছ(Drugs) সেৱন কৰা সময়ত প্ৰয়োজনীয় কেতবোৰ আপত্তিজনক সা-সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । শেহতীয়াকৈ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি আটকাধীন তিনিওকে ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: টেঙাখাটৰ নৃশংস হত্যাকাণ্ডত জড়িত দুই অভিযুক্তক আটক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.