ETV Bharat / state

মুখ্যমন্ত্ৰীক তিনিটাকৈ সংগঠনৰ স্মাৰক পত্ৰ প্ৰদান - CM Himanta Bishwa Sarma

দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়ত উপস্থিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বিভিন্ন সমস্যা সম্বলিত এখন 3 দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰিলে তিনিটাকৈ সংগঠনে ৷

memorandum-by-three-organization-to-cm-himanta-bishwa-sarma
মুখ্যমন্ত্ৰীক তিনিটাকৈ সংগঠনৰ স্মাৰক পত্ৰ প্ৰদান
author img

By

Published : Jun 21, 2021, 3:56 PM IST

মৰাণ,21 জুন : দুদিনীয়া ভ্ৰমণ সূচীৰে ডিব্ৰুগড়ত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এখন স্মাৰক পত্ৰ প্ৰদান কৰিলে চুতীয়া, গোৰ্খা আৰু আদিবাসী ছাত্ৰ সন্থাই ৷ দেওবাৰে দুলীয়াজানৰ অইল ইণ্ডিয়াৰ অতিথিশালাত মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি এখন 3 দফীয়া স্মাৰকপত্ৰ প্ৰদান কৰে সংগঠন কেইটাৰ নেতৃত্বই ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী গৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে সংগঠন কেইটাৰ নেতৃত্বই ৷ প্ৰতিটো সংগঠনে নিজৰ জনগোষ্ঠীয় সমস্যাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ বিষয়েও মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয় ৷

memorandum-by-three-organization-to-cm-himanta-bishwa-sarma
মুখ্যমন্ত্ৰীক তিনিটাকৈ সংগঠনৰ স্মাৰক পত্ৰ প্ৰদান

উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়ত উপস্থিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ সভাত জিলাখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বান ব্যৱস্থাপনাৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ বান সুৰক্ষাৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে বুজ লোৱাৰ লগতে বানত ক্ষতিগ্ৰস্ত গৃহ, বিদ্যালয়, অংগনবাদী কেন্দ্ৰসমূহ দ্ৰুতভাৱে মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইয়াৰ উপৰিও দেওবাৰে ডিব্ৰুগড়ৰ গেছ ক্ৰেকাৰ প্ৰকল্প তথা ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ পলিমাৰ লিমিটেডৰ কাৰ্যালয়তো উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ প্ৰকল্পটোৰ সামগ্ৰিক উৎপাদন সন্দৰ্ভত বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকতো বহে মুখ্যমন্ত্ৰীগৰাকী ৷ প্ৰকল্পৰ পৰিচালন সঞ্চালক ৰিপ হাজৰিকাসহ অন্যান্য বিষয়-ববীয়াৰ সৈতে আলোচনাত বিগত দুটা বৰ্ষত পলিমাৰৰ উৎপাদন যথেষ্ট ভাল হোৱাৰ লগতে লাভজনক হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

আনহাতে, মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত দেওবাৰে প্ৰথমবাৰলৈ বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াৰ বাসগৃহত উপস্থিত হৈ বিশিষ্ট সাহিত্যিকগৰাকীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ সাহিত্যিকগৰাকীৰ বাসগৃহত উপস্থিত হোৱাৰ পাছতে ৰাজ্যৰ হকে কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ লিখি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত এখন পত্ৰ তুলি দিয়ে ডঃ শইকীয়াই ৷ উক্ত সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ সমৃদ্ধ এখন বিশেষ পত্ৰ নিজ হাতে লিখি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত তুলি দিলে বৰেণ্য সাহিত্যিক ডঃ নগেন শইকীয়াই ৷

লগতে পঢ়কঃ ডিব্ৰুগড়ত ক'ভিড আৰু বান ব্যৱস্থাপনাৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.