ডিফু, 27 মাৰ্চ : মহামাৰী সদৃশ কৰ'ণা আৰু ইয়াৰ প্ৰতিৰোধৰ বিৰুদ্ধে চৰকাৰে ঘোষণা কৰা ২১ দিনীয়া লক্ ডাউনৰ মাজতে মাঞ্জা আৰক্ষীয়ে দুখীয়া ৰাইজৰ মাজত চাউল-দাইল বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দিছে ৷ কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নিৰ্দেশ মৰ্মে মাঞ্জা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাৰ নেতৃত্বত আৰু মাঞ্জা কেএছএৰ সহযোগত মাঞ্জা অঞ্চলৰ অন্তৰ্গত হিদিম টেৰণ গাঁৱৰ অতি দুখীয়া লোকৰ মাজত চাউল, দাইল আৰু আলু বিতৰণ কৰে ৷ সাহায্য বিতৰণৰ সময়ত সামাজিক দূৰত্ব বজাই ৰখা পৰিলক্ষিত হয় ৷ মাঞ্জা আৰক্ষীৰ এনে মহানুৱভতাৰ বাবে স্থানীয় ৰাইজে শলাগ লৈছে ৷
লক ডাউনৰ তৃতীয় দিন - THIRD DAY OF LOCK DOWN
14:24 March 27
কৰ'ণাতংকৰ মাজতে দুখীয়া ৰাইজৰ মাজত চাউল-ডাইল বিতৰণ মাঞ্জা আৰক্ষীৰ
14:19 March 27
গ্ৰাম্যাঞ্চলত মৰিশালিৰ নিস্তব্ধতা !
তিনিচুকীয়া, 27 মাৰ্চ : সমগ্ৰ দেশতেই কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ চৰকাৰে ঘোষণা কৰিছে লক্ ডাউন । লক্ ডাউনৰ ফলত স্তব্ধ দেশৰ প্ৰতিটো প্ৰান্ত । লক্ ডাউনৰ সময়ছোৱাত অসমৰ গ্ৰাম্যাঞ্চল সমূহত নগৰ সমূৰ তুলনাত এক মৰিশালি নিস্তব্ধতা পৰিলক্ষিত হৈছে । তিনিচুকীয়া জিলাৰ সৰহ সংখ্যক গাঁৱতে বাহিৰা ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰি গাঁওসমূহৰ মূল পথত বেনাৰ ফেষ্টুন আঁৰি সতৰ্কতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ।
12:56 March 27
তিনিজন ব্যক্তিৰে জুম্মা নামাজ সমাপন বঙালমৰাৰ আহমদপুৰ জামে মছজিদত
লখিমপুৰ, 27 মাৰ্চ : একাংশ লোকে চৰকাৰৰ নিৰ্দেশনা পালন কৰি লক্ ডাউনৰ নিয়ম মানি চলিছে যদিও একাংশই এতিয়াও গুৰুত্বসহকাৰে লোৱা নাই প্ৰশাসনৰ নিৰ্দেশ । শুকুৰবাৰে মুছলমান লোক সকল একত্ৰিত হৈ জুম্মা নামাজ পঢ়ে মছজিদত। কিন্তু চৰকাৰৰ আহ্বানলৈ সঁহাৰি জনাই লখিমপুৰ জিলাৰ মছজিদ সমুহত বাতিল কৰা হৈছে জুম্মা নামাজ । চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিদিষ্ট তিনিজন ব্যক্তিৰে আজি জুম্মা নামাজ সমাপন কৰে লখিমপুৰ জিলাৰ বঙালমৰাৰ আহমদপুৰ জামে মছজিদত। মছজিদ পৰিচালনা সমিতিৰ সকলো লোকলৈ আহ্বান ঘৰতে থাকক । ঘৰতে নামাজ পঢ়ি চৰকাৰ প্ৰশাসনৰ আহ্বান মানি চলাৰ লগতে কৰ'ণা প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰক সহায় কৰাৰ আহ্বান ।
12:56 March 27
একাংশই এতিয়াও গুৰুত্বসহকাৰে লোৱা নাই প্ৰশাসনৰ নিৰ্দেশ
তেজপুৰ,২৭ মাৰ্চ : তেজপুৰত ফুটুকাৰ ফেনত পৰিণত হ'ল লক্ ডাউন । সম্পূৰ্ণ খোলা আছে দোকান পোহাৰ । আৰক্ষী আৰু জিলা প্ৰশাসনৰ ভূমিকাইও সেও মনাব পৰা নাই লোকসকলক । বৃস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে তেজপুৰত সংবাদ মেলত সকলো শাক পাচলি মাছ মাংসৰ , আৰু ফল মূলৰ দোকান খোলা থাকিব বুলি কোৱাৰ পিচতে শুকুৰবাৰে তেজপুৰত পুৱাৰ ভাগতে সকলো দোকান খুলি দিয়াৰ বাবে এই ধৰণৰ অভাৱনীয় পৰিস্থিৰ সৃষ্টি হয় । তেজপুৰ পাঁচমাইল, পৰুৱা, মহাভৈৰৱ আদি সকলো ঠাইতে ৰাইজৰ ভিৰ ৷ ৰাইজৰ মাজত পৰিলক্ষিত হোৱা নাই লেশমানো শংকা ৷
12:36 March 27
লক্ ডাউনৰ সময়ত লোকে লোকাৰণ্য ধুবুৰীৰ বজাৰ
ধুবুৰী,27 মাৰ্চ : চৰকাৰী নিৰ্দেশনাক ভৰিৰে মোহৰি শুকুৰবাৰে লোকে লোকাৰণ্য ধুবুৰীৰ বজাৰ । পুৱা দহ বজাৰ পৰা বিয়লি চাৰি বজালৈ গেলামালৰ দোকানসহ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দোকান খোলা ৰখাৰ নিৰ্দেশনা চৰকাৰী ভাবে জাৰি কৰা হৈছে । শুকুৰবাৰে দহ বজাৰ লগে লগে এইদৰে লোকে লোকাৰণ্য হৈ পৰে ধুবুৰীৰ বজাৰ । কিন্তু অধিকাংশ ৰাইজে মানি চলা নাই চৰকাৰী নিৰ্দেশনা । এটা সময়ত আৰক্ষীয়ে খেদি ফুৰিবলগীয়া হৈছে ৰাইজক । ইয়াৰে একাংশ সচেতন ৰাইজে এতিয়াও সকলো ৰাইজক বিনম্ৰতাৰে আহ্বান জনাইছে সজাগ হ'বলৈ । এতিয়া জিলা প্ৰশাসনে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই লক্ষণীয় বিষয় ।
12:03 March 27
ৰাইজক সজাগতা পালন কৰিবলৈ আহ্বান বিধায়ক সত্যব্ৰত কলিতাৰ
বাইহাটা চাৰিআলি, 27 মাৰ্চ : কমলপুৰ সমষ্টিৰ অন্তৰ্গত আদৰ্শ চিকিৎসালয় তথা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সমূহ পৰিদৰ্শন বিধায়ক সত্যব্ৰত কলিতাৰ৷ "যি সকল লোকে তলা বন্ধৰ সময়ত বিনাকাৰণত ৰাজপথত ঘূৰি পকি ফুৰিছে সেইসকল লোক ঘাতক" । কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত এইদৰে মত প্ৰকাশ কৰে বিধায়কগৰাকীয়ে । অসমৰ বাহিৰত পঢ়িবলৈ যোৱা ,বা কৰ্মসূত্ৰে বাহিৰত থকা লোক সকল স্ব-গৃহলৈ ওভতি অহাৰ ফলত কমলপুৰ সমষ্টি বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগীয়া হৈছে । বৰ্তমানলৈকে কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ অধীনত 177 টা পৰিয়াল আৰু বিহদিয়া প্ৰাথমিক চিকিৎসালয়ৰ অধীনত প্ৰায় 85 টা পৰিয়াল গৃহবন্দী হৈ থকাৰ কথাও উল্লেখ কৰে বিধায়ক গৰাকীয়ে । ইয়াৰোপৰি ডেৰশৰো অধিক ট্ৰাক ড্ৰাইভাৰ বিভিন্ন উদ্যোগ সমূহত বন্দী হৈ থকা বুলি প্ৰকাশ কৰে বিধায়ক সত্যব্ৰত কলিতাই । স্বাস্থ্য কৰ্মী সকলে দিনে নিশাই প্ৰচেষ্টা অব্যাহত ৰখা বুলিও মত প্ৰকাশ কৰে ।
11:44 March 27
মুখ্যমন্ত্ৰীলৈ বিশেষ পত্ৰ ভূপেন বৰাৰ
গুৱাহাটী, ২7 মাৰ্চ : নিখিল ভাৰত কংগ্ৰেছ কমিটি (এ আই চি চি) ৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক, জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূপেন কুমাৰ বৰাই বৃহস্পতিবাৰে দুটা বিশেষ পৰামৰ্শ আৰু অনুৰোধেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰে এখন পত্ৰ ।পত্ৰখনত কংগ্ৰেছ নেতা গৰাকীয়ে এই জটিল সময়চোৱাত অধ্যয়নসূত্ৰে, চাকৰিসূত্ৰে বা ভ্ৰমণসূত্ৰে বিদেশত থকা অসমৰ লোকসকলৰ বাবে বিশেষ সেৱা কেন্দ্ৰ মুকলি কৰিবলৈ অনুৰোধ জনায় । দ্বিতীয়তে তেওঁ মুখ্যমন্ত্ৰীক এই বুলিও অনুৰোধ জনায় যে এই সময়ত চিকিৎসক, নাৰ্চ, স্বাস্থ্যকৰ্মী আৰু জৰুৰী সেৱাত নিয়োজিত লোকসকলৰ মাজৰ পৰা কোনোবা যদি এই ৰোগত আক্ৰান্ত হয় তেন্তে তেওঁ যাতে সকলোখিনি সা-সুবিধা লাভ কৰে সেয়া নিশ্চিত কৰিব লাগে । একেদৰে, জৰুৰীকালীন সেৱাৰ সৈতে জড়িত হৈ থকা কোনো লোকে অকাল মৃত্যুক সাৱটিব লগীয়া হ'লে তেওঁক কেৱল শ্বহীদ ঘোষণাই নহয়, ৰাষ্ট্ৰীয় সন্মান আৰু পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ দিবলৈও তেওঁ মুখ্যমন্ত্ৰীক অনুৰোধ জনায় ।
11:39 March 27
মাইবঙত ৰাইজে কৰ'ণাৰ প্ৰতি লোৱা নাই কোনো সজাগতা
ডিমা হাছাও 27 মাৰ্চ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ ডাউনৰ আহ্বানক অমান্য কৰি শুক্ৰবাৰে ৰাতিপুৱা মাইবঙ চহৰত ৰাইজ ওলায় আহিল বজাৰলৈ । চৰকাৰী নিয়ম-নীতি অমান্য কৰি ডিমা হাছাও জিলাৰ বিভিন্ন ঠাইত ৰাইজ ৰাজপথলৈ ওলাই অহাৰ দৃশ্য পৰিলক্ষিত হৈছে । পাহাৰীয়া জিলাখনত লক্ ডাউনৰ কোনো নিয়ম-নীতি মনা নাই ৰাইজে । সামাজিক দূৰত্ব বজাই ৰাখি চলা নাই কোনো লোক । ভাৰতত লক্ ডাউনৰ পিচতে কৰ'ণা ভাইৰাছ ক'ভিড-19 ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাইছে এতিয়ালৈকে 724 গৰাকী ৰোগী কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে 20 গৰাকী ৰোগীৰ মৃত্যু হৈছে । ইয়াৰ পিচতো ৰাইজৰ মাজত সজাগতাৰ অভাৱ পৰিলক্ষিত হৈছে । বিশেষ কৈ ডিমা হাছাও জিলাত মানুহ এতিয়াও কৰ'ণা ভাইৰাছ অথবা ক'ভিড-19 ৰোগকলৈ সচেতন নহয় । ডিমা হাছাও জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু ইণ্ডিয়ান ৰে'ডক্ৰছ চচাইটিয়ে ৰাইজৰ মাজত সজাগতা অনাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰাৰ পিচতো এতিয়ালৈ ৰাইজ কৰ'ণা ভাইৰাছ ক'ভিড-19 ৰোগকলৈ সজাগ হোৱা নাই ।
11:10 March 27
জোনাইত সজাগ হোৱা নাই একাংশ ৰাইজ
জোনাই, 27 মাৰ্চ : লক্ ডাউনৰ তৃতীয় দিনাও ধেমাজি জিলাৰ জোনাইৰ গ্ৰামঞ্চলৰ জনসাধাৰণৰ মাজত এই ভাইৰাছৰ প্ৰতি নাই কোনো গুৰুত্ব কিম্বা সজাগতা৷ জোনাইৰ গ্ৰামঞ্চলত লক্ ডাউনৰ সময় চোৱাতো একাংশই উলংঘা কৰিছে চৰকাৰী নিৰ্দেশনাক৷ ইয়াৰে জোনাইৰ বাহিৰ চিলে গাঁৱৰ সমীপতে এজাক যুৱকে লক্ ডাউনৰ নিয়ম উলংঘা কৰি জুৱা আৰু ফুটবল খেলি থকা অৱস্থাত জোনাই আৰক্ষীয়ে খেদি যোৱাত হাবিৰ মাজলৈ পলায় যায়৷ ইফালে জুৱাৰীয়ে আৰক্ষীক দেখি পলায়ন কৰোঁতে এৰি থৈ যোৱা দুখন বাইক আৰু দুটা ম'বাইল জব্দ কৰে আৰক্ষীয়ে৷ অৱশ্যে অকল বাহিৰ চিলে গাঁৱতে নহয় জোনাইৰ নতুন জেলম, পুৰণা জেলম আদি তিনিআলি চাৰিআলি সমূহতো গাঁৱৰে একাংশ লোকে জুম বান্ধি চৰকাৰে আহ্বান জনোৱা লক্ ডাউনৰ নিয়ম উলংঘা কৰাত বৃহস্পতিবাৰে জোনাই আৰক্ষীয়ে খেদা দিয়ে৷ ইফালে মংগলবাৰে জোনাইৰ ৰাংকপ তিনিআলি, ৰেলৱে ষ্টেচন, নেপালী বস্তি আদিত লক্ ডাউনৰ নিয়ম ভংগ কৰি চাইকেল, মটৰ চাইকেল বা খোজকাঢ়ি অনাহকে ঘূৰি ফুৰা কেইবাজনো যুৱকক খেদি খেদি লাঠিচাৰ্জ কৰিবলৈ বাধ্য হৈছে জোনাই আৰক্ষী৷
10:42 March 27
গুৱাহাটীত যোগান বিভাগৰ বিশেষ পদক্ষেপ !
গুৱাহাটী,27 মাৰ্চ : কৰ'ণা ভাইৰাছৰ আতংকত কঁপিছে বিশ্ববাসী । ৰাজপথলৈ ওলাই অহাৰ বাবেও এশবাৰ চিন্তা কৰিব লগাত পৰিছে মানৱ সমাজ । বিশ্বৰ শক্তিশালী দেশ সমূহো কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাত অসফল । ভাৰতবৰ্ষটো প্ৰতিদিনে বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছ আক্ৰান্ত লোকৰ সংখ্যা । কেন্দ্ৰ চৰকাৰে কৰ'ণা ভাইৰাছৰ প্ৰকোপ ৰোধ কৰিবলৈ লক ডাউন কৰিছে সমগ্ৰ দেশতে। শুকুৰবাৰলৈ তিনিদিন ধৰি গৃহবন্দী ভাৰতবর্ষৰ জনতা । অসমত যাতে ৰাইজ খাদ্য সংকটত নপৰে ইয়াৰ ওপৰত চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখিছে যদিও কিছুমান অসাধু বেপাৰীয়ে সুযোগ বুজি বৃদ্ধি কৰিছে খাদ্য সামগ্ৰীৰ মূল্য । মূল্যবৃদ্ধিৰ পৰা ৰাইজক কিছু সকাহ দিবলৈ শুকুৰবাৰৰ পৰা ৰাজ্যৰ যোগান বিভাগে এক বিশেষ প্ৰক্ষেপ গ্ৰহণ কৰিছে । যোগান বিভাগে ৰাতিপুৱাৰে পৰা মহানগৰীৰ বিভিন্ন অঞ্চলত পাচলিৰ বাহন প্ৰেৰণ কৰি ৰাইজক যোগান ধৰিছে পাচলি । মহানগৰীৰ উলুবাৰী, গণেশগুৰি, ছয়মাইল, কাহিলিপাৰাত পাচলি ভৰ্তি বাহন লৈ যোগান বিভাগৰ লোক উপস্থিত হৈ ৰাইজৰ মাজত অতি কম মূল্যত যোগ ধৰে পাচলি । যোগান বিভাগে পাচলি যোগান ধৰাৰ সময়ত এজনে আনজনৰ পৰা দূৰত্ব বজাই ৰাখি শৃংখলা ভাৱে দীঘলীয়া শাৰী পাতি পাচলি গ্ৰহণ কৰা দেখিবলৈ পোৱা যায় মহানগৰীৰ বিভিন্ন অঞ্চলত । সকলোৰে এতিয়া এটাই আশা নিঃশেষ হওক কৰ'ণা ভাইৰাছ, ঘূৰি আহক স্বাভাৱিক অৱস্থা ।
10:13 March 27
গহপুৰত লক্ ডাউন উলংঘাকাৰীক আটক !
বিশ্বনাথ, 27 মাৰ্চ : সমগ্ৰ বিশ্বজুৰি কৰ'ণা আতংক অব্যাহত থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লক্ ডাউনত স্থবিৰ হৈ পৰিছে জনজীৱন । সষ্টম হৈ পৰিছে অসম আৰক্ষী । ৰাজ্যখনৰ ভিন্ন প্ৰান্তত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আইন উলংঘাকাৰীৰ বিৰুদ্ধে ৷ গহপুৰত তেনে আইন উলংঘাকাৰী দুজন লোকক আটক কৰিছে আৰক্ষীয়ে । অৰুণাচল প্ৰদেশৰ বান্দৰ দেৱাৰ পৰা AS-01-DK-1444 নম্বৰৰ এখন স্ক'ৰপিঅ' গাড়ীত অহা দুজন লোকে লক্ ডাউন ভংগ কৰাৰ অপৰাধত গহপু্ৰ আৰক্ষীয়ে আটক কৰিছে । আটক হোৱা লোক দুজন গহপুৰ গমিৰিৰ গণেশ পৰিয়াৰ আৰু কলকতাৰ ইমডি চামছেদ বুলি জানিব পৰা গৈছে । উক্ত লোক দুজনক ২৫ মাৰ্চত আটক কৰি মুকলি কৰি দিছিল গহপুৰ আৰক্ষীয়ে । সম্প্ৰতি লোক দুজনৰ ওপৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰক্ষীয়ে জানিবলৈ দিয়া নাই ।
09:54 March 27
যোৰহাটত হ্ৰাস পাইছে জনসমাগম !
যোৰহাট, 27 মাৰ্চ : লক্ ডাউনৰ তৃতীয়ত যোৰহাট যোৱা দুটা দিনৰ তুলনাত তুলনামূলকভাৱে জনসমাগম কম পৰিলক্ষিত হৈছে । কিন্তু যোৰহাট জিলা প্ৰশাসনে প্ৰতিটো দিনেই কঠোৰ পৰা কঠোৰতম নীতি নিৰ্ধাৰণ কৰিছে । এদিন মূৰে মূৰে হে পাইকাৰী আৰু খুচুৰা দোকান খুলিব পাৰিব। অঞ্চল ভেদে অৱশ্যে খুচুৰা দোকান খোলাৰ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে ।
09:16 March 27
মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে দোকানে-দোকানে ঘূৰিলে বিধায়ক কৃষ্ণেন্দু পালে
হাইলাকান্দি, 27 মাৰ্চঃ ইতিমধ্যে দেশ জুৰি 21 দিনৰ বাবে লক ডাউন ঘোষনা কৰা হৈছে । এই সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ যাওঁতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱা হৈছে । কিন্তু একাংশই অৱমাননা কৰিছে প্ৰশাসনৰ এই নিৰ্দেশনা । আনহাতে লক ডাউনৰ সুযোগত একাংশ মধ্যভোগীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰা পৰিলক্ষিত হৈছে ৷
সেয়ে এইবাৰ নিজ সমষ্টি পাথাৰকান্দিৰ বিভিন্ন বজাৰত দেখা গ'ল সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পাল'ক । বজাৰত থকা দোকান সমুহৰ সম্মুখত দূৰত্ব বজাই ৰখাৰ বাবে অংকন কৰি দিলে চিহ্ন । লগতে কিদৰে থিও হৈ সামগ্ৰী ক্ৰয় কৰিব লাগে সেয়াও দেখুৱাই দিলে বিধায়কগৰাকীয়ে । দোকানৰ সম্মুখত যাতে হাত ধোঁৱাৰ ব্যবস্থা থাকে সেই বিষয়ে ব্যৱসায়ী সকলক সতৰ্কতা অৱলম্বন কৰিবলৈ অনুৰোধ কৰাৰ লগতে সমগ্ৰীৰ মূল্যবৃদ্ধি যাতে কোনেও নকৰে ইয়াৰ প্ৰতিও আহ্বান জনালে ব্যৱসায়ীসকলক ।
্
08:25 March 27
মৰাণত মানৱতাৰ অন্য নিদৰ্শন দুই যুৱকৰ
মৰাণ, 27 মাৰ্চঃ কৰ'ণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ভাৰতবৰ্ষতে তলা বন্ধ ঘোষনা কৰাৰ পাছতে দিন হাজিৰা কৰি পেটৰ ভাত মোকলোৱা সকলৰ বাবে এতিয়া পৰিয়াল চলোৱাটো চিন্তাৰ কাৰণ হৈ পৰিছে । এনে এটা সময়তে দৰিদ্ৰ জনক সহায় কৰিবলৈ মৰাণৰ ন-হাট অঞ্চলৰ মানৱ দৰদী যুৱক হোমেন গগৈ আৰু বিতোপন গগৈয়ে মানৱতাৰ নিদৰ্শনৰ পৰিচয় দি তলা বন্ধৰ দ্বিতীয় দিনা দিন-হাজিৰা কৰা ৮৫ টা দৰিদ্ৰ পৰিয়ালক প্ৰশাসনৰ পৰা অনুমতি লৈ সাধ্যনুসাৰে আটা, চাবোন, বিস্কুট, দাইল , চাউল ডেটল বটল আৰু চেনিটাইজৰৰ বটল আদি বিতৰণ কৰি দৰিদ্ৰ পৰিয়াল কেইটাক এই জটিল সন্ধিক্ষণত সহায় কৰে । যুবক কেইজনে সামগ্ৰী বিতৰণ কৰাৰ ওপৰিও কেনে দৰে কৰ'ণা ভাৰাইচৰ ভয়াবহতাৰ পৰা নিজক ৰক্ষা কৰিব পাৰি সেই বিষয়ও ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰে ।