নাহৰকটীয়া, 24 আগষ্টঃ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱালৰ মহানুভৱতা ৷ ব্যক্তিগত ধনেৰে মেৰামতি কৰালে পথ ৷ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত আমগুৰি গাঁও পঞ্চায়তৰ ২ নং টিংৰাই গাঁৱৰ মূলপথটোৰ দুৰৱস্থাৰ বাবে দীৰ্ঘদিনে দুৰ্ভোগ ভুগি অহা গাঁওবাসীক কিছু সকাহ দিয়াৰ উদ্দেশ্যে স্থানীয় বিধায়ক নৰেন সোণোৱালে পথটোৰ মেৰামতিৰ বাবে ব্যক্তিগত ধনেৰে শিল-বালি প্ৰদান কৰে ৷ উল্লেখ্য যে, চৰকাৰী আচঁনিত অন্তৰ্ভুক্ত নোহেৱা পথটোৰ বাবে স্থানীয় বিধায়কে শিল বালি প্ৰদান কৰাৰ সমান্তৰালকৈ স্থানীয় লোকসকলৰ সৈতে মিলি অসম গণ পৰিষদ দলৰ নাহৰকটীয়াৰ কাৰ্যকৰ্তা সকলে এদিনৰ শ্ৰম দানেৰে পথটো মেৰামতি কৰে ৷
আনহাতে, এই কাৰ্যসূচীত বিধায়কৰ সৈতে উপস্থিত থাকে তপন কোঁৱৰ, যুৱ পৰিষদৰ জিলা সমিতিৰ সহ সম্পাদক শৈলেন, মন্ত্ৰীমুখ্য সাংগঠনিক সম্পাদক ৰোস্তম আহমেদ, নাহৰকটীয়া সমষ্টিৰ যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি সৌৰভ ৰাজকোৱৰ, নাহৰকটীয়া সমষ্টিৰ প্ৰচাৰ সম্পাদক বিপুল গগৈ, অসম যুৱ পৰিষদ জিলা সমিতিৰ উপ-সভাপতি পল্লৱ হাজৰিকা, জিলা কাৰ্যনিৰ্বাহক সদস্য মানস প্ৰতীম দত্তৰ উপৰিও দুই নং টিংৰাই গাঁৱৰ স্থানীয় ৰাইজ ৷
লগতে পঢ়কঃ হাকোৱা নৈত গা ধুবলৈ গৈ নিৰুদ্দেশ দুই ছাত্ৰ